ETV Bharat / state

সমাজৰ ব্যাধি দূৰ কৰাৰ হকে দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা

author img

By

Published : Aug 25, 2022, 8:58 PM IST

Social exclusion in Mangaldoi
সমাজৰ ব্যাধি দূৰ কৰাৰ হকে দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজন পৰ্যালোচনা সভা

দৰঙত সঘনাই সংঘটিত হৈ আছে জাত পাতৰ সংকীৰ্ণৰ ঘটনা (Social exclusion in Darrang) । পতালসিংপাৰাৰ হৃদয় বিদাৰক ঘটনাৰ পিছত পুনৰ আনন্দিপাৰাত ঘটিল আন এক ঘটনা । যাক লৈ চিন্তিত হৈ পৰিছে দৰংবাসী ৷ সেয়ে এই সমাজৰ ব্যাধি দূৰ কৰাৰ হকে বৃহস্পতিবাৰে দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজন কৰা হয় এক পৰ্যালোচনা সভা ৷

দৰং, 25 আগষ্ট : দৰঙত সঘনাই সংঘটিত হৈ আছে জাত-পাতৰ সংকীৰ্ণৰ ঘটনা (Social exclusion in Darrang) । পতালসিংপাৰাৰ হৃদয় বিদাৰক ঘটনাৰ পাচত, পুনৰ দুদিন পূৰ্বে আনন্দিপাৰাত সংঘটিত হ’ল আন এক অনুৰূপ ঘটনা । যিয়ে দৰঙৰ সমাজ জীৱনক ধিক্কাৰ দিছে ৷ যাক লৈ লজ্জিত এতিয়া বিধায়ক পৰমানন্দ ৰাজবংশী ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

সমাজৰ ব্যাধি দূৰ কৰাৰ হকে দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত আয়োজন পৰ্যালোচনা সভা

সেয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে সামাজিক ব্যাধি দূৰ কৰাৰ হকে সভা অনুষ্ঠিত কৰিব বাধ্য হ’ল দৰঙৰ উপায়ুক্তগৰাকী । এইবাৰ দৰঙৰ প্ৰায় সকলো জনগোষ্ঠীকে মাতি আনি আলোচনাত বহুৱালে উপায়ুক্তগৰাকীয়ে । এই আলোচনাত দৰঙত চলি থকা সামাজিক সংঘাতসমূহ দূৰ কৰাৰ বাবে সকলো পক্ষই মত পোষণ কৰে ।

সকলো সম্প্ৰদায়ৰ বিষয়ববীয়াসকলে দৰঙৰ সম্প্ৰীতিৰ কথা সুঁৱৰি মানৱ ধৰ্ম পালন কৰি মিলাপ্ৰীতিৰে বসবাস কৰাৰ কথা প্ৰকাশ কৰে । ইয়াৰ উপৰিও এই সভাতে উচ্চ বৰ্ণৰ লোকসকলক নিম্ন বৰ্ণৰ লোকসকলে সামাজিক নিয়মসমূহ কিছু শিথিল কৰাৰ আহ্বান জনায় ।

উল্লেখ্য যে বৃহস্পতিবাৰে আয়োজিত এই সভাত দৰঙৰ উপযুক্ত, আৰক্ষী অধীক্ষক আৰু দুই বিধায়ক ক্ৰমে পৰমানন্দ ৰাজবংশী আৰু বসন্ত দাস উপস্থিত থাকে । দুয়োগৰাকী বিধায়কে সংকীৰ্ণ মনোভাৱ ত্যাগ কৰাৰ বাবে সকলো পক্ষকে আহ্বান জনায় ।

লগতে পঢ়ক : তিৱা যুৱতীক বিয়া কৰোৱাৰ বাবেই সমাজে এঘৰীয়া কৰিলে যোৰহাটৰ এটা পৰিয়ালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.