ETV Bharat / state

দৰঙত জৰুৰীভাৱে অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

author img

By

Published : Dec 16, 2019, 10:06 PM IST

Updated : Dec 16, 2019, 10:59 PM IST

হঠাৎ হেলিকপ্টাৰ পথাৰত এনেদৰে অৱতৰণ কৰাত শংকিত হৈ পৰে স্থানীয় ৰাইজ ৷ হেলিকপ্টাৰখনৰ পাইলটজনে নিজকে ভাৰতীয় বুলি পৰিচয় প্ৰদান কৰাৰ পাচতে সহায়ৰ বাবে আগবাঢ়ি আহে স্থানীয় লোকসকল ৷

দৰং
দৰঙৰ মাটিমাহৰ খেতিৰ ওপৰত জৰুৰীভাৱে অৱতৰণ হেলিকপ্টাৰ

দৰং,16 ডিচেম্বৰঃ দৰঙৰ আলগাচৰত জৰুৰীভাৱে অৱতৰণ কৰে ভাৰতীয় সেনাবাহিনীৰ এখন হেলিকপ্টাৰে ৷ কাৰিকৰী বিজুতিৰ বাবে আলগাচৰৰ মাটিমাহৰ খেতিৰ ওপৰত জৰুৰীভাৱে অৱতৰণ কৰিব লগা হয় হেলিকপ্টাৰখন ৷ আনহাতে, হঠাৎ হেলিকপ্টাৰখন পথাৰত এনেদৰে অৱতৰণ কৰাত শংকিত হৈ পৰে স্থানীয় ৰাইজ ৷ হেলিকপ্টাৰখনৰ পাইলটজনে নিজকে ভাৰতীয় বুলি পৰিচয় প্ৰদান কৰাৰ পাচতে সহায়ৰ বাবে আগবাঢ়ি আহে স্থানীয় ৷ বিকল হোৱা হেলিকপ্টাৰখন গুৱাহাটীৰ পৰা তেজপুৰৰ মিছামাৰীলৈ গৈ আছিল বুলি জানিবলৈ দিয়ে পাইলট গৰাকীয়ে ৷

দৰঙৰ মাটিমাহৰ খেতিৰ ওপৰত জৰুৰীভাৱে অৱতৰণ হেলিকপ্টাৰ

উল্লেখ্য যে,বিকল হোৱা হেলিকপ্টাৰখন উদ্ধাৰ কৰিবলৈ সেনাবাহিনীৰ আন তিনিখন হেলিকপ্টাৰ অৱতৰণ কৰে সেই একে স্থানত ৷ প্ৰায় এক ঘন্টাৰ পাচত বিকল হোৱা হেলিকপ্টাৰখন মেৰামতি কৰি তাৰ পৰা উৰা মাৰে সেনাবাহিনীৰ চাৰিখনকৈ হেলিকপ্টাৰ ৷

আৰু পঢ়কঃ ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব

Intro:Body:

শ্যামপুৰ থানাৰ অন্তৰ্গত আলগাচৰত ভাৰতীয় সেনাবাহিনীৰ হেলিকপ্টাৰ বিকল ৷

হেলিকপ্টাৰ বিকল হৈ আলগাচৰৰ মাটিমাহৰ খেতিত জৰুৰী অৱতৰণ ৷

হেলিকপ্টাৰত নাবিকসহ দুজন ভাৰতীয় সেনা আছিল ৷

হঠাৎ হেলিকপ্টাৰ পথাৰত অৱতৰণ কৰাত সংকিত হোৱা ৰাইজক নিজকে ভাৰতীয় বুলি পৰিচয় প্ৰদান কৰে নাবিকে ৷

হেলিকপ্টাৰখন গুৱাহাটীৰ পৰা তেজপুৰ মিছামাৰিলৈ গৈ আছিল ৷



বিকল হেলিকপ্টাৰখন উদ্ধাৰ কৰিবলৈ সেনাবাহিনীৰ তিনিখন হেলিকপ্টাৰ অৱতৰণ ৷

বিকল হেলিকপ্টাৰখনত প্ৰায় এক ঘন্টাৰ মুৰত উৰন উপযোগী কৰি গুছি যায় ৷

চাৰিখনকৈ সেনাবাহিনীৰ হেলিকপ্টাৰ এনেদৰে খেতিপথাৰত জৰুৰী অৱতৰণ কৰাত আতংকিত হৈ পৰে স্থানীয় লোক ৷

Conclusion:
Last Updated : Dec 16, 2019, 10:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.