ETV Bharat / state

খাৰুপেটীয়াত আৰক্ষীক আক্ৰমণ উদণ্ড যুৱকৰ

author img

By

Published : Jun 9, 2021, 9:06 PM IST

Kharupetiya
খাৰুপেটীয়াত আৰক্ষীক আক্ৰমণ উদণ্ড যুৱকৰ

দৰং জিলাৰ খাৰুপেটীয়াত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত শিলগুটি আৰু বাঁহেৰে আক্ৰমণ কৰে যুৱকে । খাইৰুল ইছলাম নামৰ বাহাবাৰী গাঁৱৰ এজন যুৱকে মালেক আলী নামৰ গৃহৰক্ষী জোৱান এজনক শিলগুটি আৰু বাঁহেৰে আক্ৰমণ কৰে । যুৱক জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

দৰং,৯ জুন: খাৰুপেটীয়াত চিকিৎসকৰ পিছত এইবাৰ আৰক্ষীক আক্ৰমণ উদণ্ড যুৱকৰ । কৰ্তব্যৰত আৰক্ষীৰ ওপৰত শিলগুটি আৰু বাঁহেৰে আক্ৰমণ কৰে যুৱকে। খাৰুপেটীয়া আৰক্ষীৰ মতে দৰঙৰ খাৰুপেটীয়াৰ বাহাবাৰী গাঁৱত সংঘটিত হয় এই ঘটনা ।

জানিব পৰা মতে গ্ৰামাঞ্চলত ২ বজাত সান্ধ্য আইন(night curfew) ঘোষণা হোৱাৰ পিছতো খাৰুপেটীয়া থানা এলেকাৰ একাংশ দোকানীয়ে বহু দেৰিলৈ দোকান খুলি ৰাখিছিল । ক'ভিড প্ৰট'কল(covid protocol) ভংগ কৰি অযথা ভিৰ কৰি আছিল বহু লোকে ।

খাৰুপেটীয়াত আৰক্ষীক আক্ৰমণ উদণ্ড যুৱকৰ

মঙলবাৰে খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতিসহ আৰক্ষীৰ দল এটাই বাহাবাৰী গাঁৱত উপস্থিত হৈছিল আৰু তেনে পৰিবেশ দেখা পাই লোকসকলক যাবলৈ কোৱাত তাৰ মাজৰে খাইৰুল ইছলাম নামৰ বাহাবাৰী গাঁৱৰ এজন যুৱকে মালেক আলী নামৰ গৃহৰক্ষী জোৱান এজনক শিলগুটি আৰু বাঁহেৰে আক্ৰমণ কৰে ।

গৃহৰক্ষী জোৱানজনক আক্ৰমণ কৰা যুৱক জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ (Indian Penal Code) অধীনত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি যুৱকজনক জেললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:ন্যায়িক জিম্মালৈ প্ৰেৰণ উদালি কাণ্ডৰ ৯ অভিযুক্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.