ETV Bharat / state

দৰঙৰ অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা

author img

By

Published : Jul 2, 2019, 10:11 AM IST

Updated : Jul 2, 2019, 12:22 PM IST

দৰঙৰ অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা

দৰঙৰ দলগাঁও শিয়ালমাৰীৰ কোনাকাটাপাৰা গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা ৷ অংগনবাড়ী কেন্দ্ৰটোত উপস্থিত নাথাকে কৰ্মী আৰু সহায়িকা

দলগাঁও,2জুলাই : দৰঙৰ দলগাঁও শিয়ালমাৰীৰ কোনাকাটাপাৰা গাঁৱৰ অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা ৷ অংগনবাড়ী কেন্দ্ৰটোত উপস্থিত নাথাকে কৰ্মী আৰু সহায়িকা ৷ যাৰ বাবে কণ-কণ ছাত্ৰ-ছাত্ৰীসকল কেন্দ্ৰটোলৈ আহিও উভতি যাবলগীয়া হয় ৷

দৰঙৰ অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা

ইফালে,কেন্দ্ৰটোত নাই কোনো শিক্ষাৰ পৰিৱেশ ৷ কেন্দ্ৰটোত আছে মাত্ৰ এখন চালি ৷ কণ-কণ শিশুসকলৰ নাই পঞ্জীয়ন বহী ৷ শিশুসকলৰ বাবে অহা খাদ্যও আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে আমছুৰ ৷ শিশুৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটোৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় অভিভাৱক সকলে ৷

Intro:SLUG=Dalgaon_ ANGANWARI_ CENTRE_
BYTE= Karmi /Public

====
## গোহালি নে অংগনবাড়ী কেন্দ্ৰ ধৰিবই নোৱাৰি ।
## শিশুৰ সলনি বিচৰণ গৰু ছাগলীৰ ।
## শিশু খাদ্য আত্মসাতৰ অভিযোগ ।


Body:
দলগাঁও /১ জুলাই ।

নামতহে সংহত শিশু উন্নয়ন প্ৰকল্প ।শিশুৰ প্ৰতি নাই সামান্যতমো গুৰুত্ব । এই খন অসমৰ দলগাও শিয়ালমাৰী সংহত উন্নয়ন প্ৰকল্পৰ অধীনস্থ কোনাকাটা পাৰা গাঁৱৰ পশ্চিম চুবা অংগনবাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ দৃশ্যই চকু কপালত তুলিছে ৰাইজৰ । দৰঙৰ দলগাৱত এই কেন্দ্ৰটোত কণ কণ শিশুৰ সলনি সততে দেখা যায় গৰু ছাগলীৰ বিচৰণ । কেন্দ্ৰৰ নামত এটা চালি আছে যদিও প্ৰায়েই অনুপস্থিত থাকে কৰ্মী ও সহায়িকা । যাৰ বাবে কণ কণ শিশুসকল প্ৰায়েই অহা বাটে ঘুৰি যাবলৈ বাধ্য হয় ঘৰলৈ । প্ৰায়েই অনুপস্থিত থকা কৰ্মী সহায়িকাই নাজানে কেন্দ্ৰটোৰ শিশুৰ উপস্থিতৰ সংখ্যা আনকি কেন্দ্ৰটোত নাই ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন বহী । কণ কণ শিশুৰ নামত অহা খাদ্যও আত্মসাত কৰাৰ অভিযোগ স্থানীয় আমছুৰ ।উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে সংহত শিশু উন্নয়ন প্ৰকল্পৰ জৰিয়তে লাখ লাখ টকা খৰচ কৰে যদিও আজিলৈ দলগাঁৱৰ কোনাকাটা পাৰা গাঁৱৰ পশ্চিম চুবা অংগনবাড়ী কেন্দ্ৰটোলৈ সুদৃষ্টি নপৰিল বিভাগীয় বৰমূৰীয়া সকলৰ ।


Conclusion:
শিশুৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটোৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অভিভাৱক সকলে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ।

আব্দুল হাকিম
দলগাঁও ।

Last Updated :Jul 2, 2019, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.