ETV Bharat / state

খাৰুপেটীয়াত ক’ভিড ভেকচিন প্ৰদান

author img

By

Published : Apr 21, 2021, 10:37 AM IST

covid-vaccine-providing
খাৰুপেটীয়াত ক’ভিড ভেকচিন প্ৰদান

খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ক’ভিড টীকাকৰণ কেন্দ্ৰত ভেকচিন প্ৰদান ৷ 45 বছৰৰ উৰ্ধৰ লোকক প্ৰদান কৰা হৈছে কৰ’ণা প্ৰতিষেধক ৷ ইতিমধ্যে কেন্দ্ৰটোত 140 পৰা 180 গৰাকীৰো অধিক লোকে লৈছে ভেকচিন ৷

দলগাঁও,21 এপ্ৰিল : কৰ’ণা মহামাৰীৰ বৰ্ধিত সংক্ৰমণক লৈ দৰঙৰ লগতে শংকিত হৈ পৰিছে খাৰুপেটীয়া ৰাইজ ৷ দৰঙত দ্ৰুতগতিত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ক’ভিড টীকাকৰণ কেন্দ্ৰত 45 বছৰৰ উৰ্ধৰ লোকক প্ৰদান কৰা হৈছে ভেকচিন । প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত টীকাকৰণ কাৰ্যত নিয়োজিত স্বাস্থ্য কৰ্মী আৰু চিকিৎসকসকলে অন্য দিনাৰ দৰে দেওবাৰেও অব্যাহত ৰাখিছে এই কাৰ্যসূচী ।

খাৰুপেটীয়াত ক’ভিড ভেকচিন প্ৰদান

দৈনিক টীকাকৰণ কেন্দ্ৰত 140 পৰা 180 গৰাকীৰো অধিক লোকক প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন । যাৰ বাবে কেন্দ্ৰটোত পৰিলক্ষিত হৈছে ৰাইজৰ ভিৰ ৷ কিন্তু লক্ষণীয় বিষয় যে, প্ৰতিষেধক লোৱা লোকৰ মাজত পৰিলক্ষিত নহ’ল কোনো সামাজিক দূৰত্ব । ইফালে জিলা স্বাস্থ্য বিভাগে তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, সোমবাৰে দিনৰ ভাগত জিলাখনত 32 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ উপস্থিতি । সম্প্ৰতি দৰঙত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 131 গৰাকীলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : অ’এনজিচিৰ তিনি বিষয়াক অপহৰণৰ আঁৰত কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.