ETV Bharat / state

Dhula murder Case : ধূলাৰ কিশোৰী হত্য়াকাণ্ডৰ অভিযোগনামা দাখিল চি আই ডিৰ

author img

By

Published : Feb 5, 2023, 11:48 AM IST

চি আই ডিয়ে আদালতত দাখিল কৰিলে বহু বিতৰ্কিত ধূলাৰ কিশোৰী হত্যাকাণ্ডৰ তদন্তৰ অতিৰিক্ত অভিযোগনামা (CID files additional charge sheet)। অভিযোগনামাত চি আই ডিয়ে হত্যাকাণ্ডটোৰ সৈতে জড়িত তিনিজন চিকিৎসক ক্ৰমে ডাঃ অৰুণ চন্দ্ৰ ডেকা, ডাঃ অজন্তা বৰদলৈ, ডাঃ অনুপম শৰ্মা আৰু কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক অভিযুক্ত কৰিছে । এই অভিযুক্ত কেইজনে ধূলাকাণ্ডৰ বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ ঘটনাটোক বৃহৎ ধনৰ বিনিময়ত আত্মহত্যাৰ ৰূপ দিছিল ।

CID files additional charge sheet in court in dhula case
চি আই ডিৰ অভিযোগনামাত তিনি চিকিৎসকসহ কার্যবাহী দণ্ডাধীশৰ নাম

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা ধূলাৰ বনকৰা কিশোৰী হত্যাকাণ্ডৰ অভিযুক্ত দণ্ডাধীশ আৰু চিকিৎসকৰ বিৰুদ্ধে চি আই ডিয়ে আদালতত দাখিল কৰে অতিৰিক্ত অভিযোগনামা (CID files additional charge sheet)। ধূলাকাণ্ডৰ অভিযুক্ত দণ্ডাধীশ আর্শীবাদ হাজৰিকা আৰু চিকিৎসক ডাঃ অৰুণ চন্দ্ৰ ডেকা, ডাঃ অজন্তা বৰদলৈ আৰু ডাঃ অনুপম শৰ্মাৰ বিৰুদ্ধে চি আই ডিয়ে দৰঙৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰে । অভিযুক্ত কেইজনে ধূলাকাণ্ডৰ বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ ঘটনাটোক বৃহৎ ধনৰ বিনিময়ত আত্মহত্যাৰ ৰূপ দিছিল (Dhula Murder Case update)।

উল্লেখ্য যে, বিগত বৰ্ষৰ ১১ জুনৰ পুৱা দৰং জিলাৰ ধূলা চ’কৰ নিবাসী এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ (Dhula Minor Girl Murder Case)। কোৱা হৈছিল যে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো প্ৰকাশ পাইছিল একেই তথ্য (13 years old girl unnatural death)। কিন্তু প্ৰকৃত ঘটনা অন্যহে আছিল। অভিযোগ অনুসৰি পাঁচ লাখ টকাত হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ সকলো বন্দবস্ত হৈছিল ।

সমগ্ৰ বিষয়টোৰ পৰা নিজকে ৰক্ষা কৰিবলৈ পোনতে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক মেনেজ কৰিছিল কৃষ্ণকমল বৰুৱাই । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰাৰ যোগেদিয়েই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সলনি কৰাৰ ঠিকা দিছিল এছ এছ বিৰ জোৱানজনে । ইয়াৰ পাচতেই চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক । উৎপল বৰাৰ ভাড়াঘৰ, শহুৰৰ ঘৰ আদিত চলে চি আই ডিৰ অভিযান । ১ নৱেম্বৰত চি আই ডিয়ে মাৰাথন জেৰা চলাই উৎপল বৰাক ।

চি আই ডিৰ জেৰাত উপায়ন্তৰ হৈ সকলো কথা স্বীকাৰ কৰে নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰাই । অভিযোগ অনুসৰি পাঁচ লাখ টকাত হৈছিল হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ সকলো পৰিকল্পনা । উল্লেখ্য যে, এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল খোদ মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্রীৰ নিৰ্দেশতেই নিলম্বন কৰা হয় দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক ।

ঘটনাৰ তদন্তৰ বাবে চি আই ডিত ২০/২০২২ নম্বৰত ৰুজু কৰা হৈছিল এটা গোচৰ । চি আই ডিৰ উপ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়, এছ এছ পি ইন্দ্ৰাণী বৰুৱাৰ নেতৃত্বত গঠন কৰা হয় এটা বিশেষ তদন্তকাৰী গোট । এই বিশেষ তদন্ত গোটৰ তদন্তত পোহৰলৈ আহে সমগ্র ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ ভয়ংকৰ তথ্য ।

লগে লগে পুতি থোৱা অৱস্থাৰ পৰা উলিয়াই আনি পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় কিশোৰীগৰাকীৰ মৃতদেহ । এই দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সকলো ৰহস্য পোহৰলৈ আনে । পৰীক্ষাত ধৰা পৰে যে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কিশোৰীগৰাকীক । তেতিয়া চি আই ডিয়ে ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা চিকিৎসক ডাঃ অৰুণ চন্দ্ৰ ডেকা, ডাঃ অজন্তা বৰদলৈ আৰু ডাঃ অনুপম শৰ্মা আৰু অতিৰিক্ত এছ পি ৰূপম ফুকনকো গ্ৰেপ্তাৰ কৰিছিল ।

উল্লেখ্য যে, চি আই ডিয়ে অভিযোগনামাত উল্লেখ কৰা মতে কার্যবাহী দণ্ডাধীশ আশীর্বাদ হাজৰিকাই ঘটনাটোৰ দিনা কোনো ধৰণৰ উপযুক্ত তদন্ত নকৰাকৈয়ে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্রতিবেদন দিছিল (Include Executive magistrate and three doctors)। চি আই ডিয়ে ঘটনাটোৰ তদন্তৰ প্রতিবেদন সদৰী কৰি কয় যে, কাৰ্যবাহী দণ্ডাধীশ হাজৰিকাই মৃতদেহটোৰ প্রকৃত অৱস্থান নিশ্চিত নকৰাকৈয়ে কেৱল অভিযুক্তক সুৰক্ষা দিবলৈ তৎপৰ হৈছিল । কাৰ্যবাহী দণ্ডাধীশ হাজৰিকাৰ লগতে অভিযুক্ত তিনি চিকিৎসকেও মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সকলো প্ৰচেষ্টাই হাতত লৈছিল বুলি চি আই ডিয়ে অভিযোগনামাত উল্লেখ কৰিছে ।

চিকিৎসককেইজনে মিথ্যাচাৰৰ আশ্ৰয় লৈ প্ৰথমতে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন প্রস্তুত কৰিছিল । কিশোৰীগৰাকীৰ মৃত্যু চিপ লোৱাৰ বাবে হোৱাৰ লগতে কোনো ধৰণৰ যৌন নির্যাতনৰ প্ৰমাণ মৃতদেহত নাছিল বুলি তিনি চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰিছিল । কিন্তু পৰৱৰ্তী পৰ্যায়ত ফৰেনছিক বিশেষজ্ঞৰ দ্বাৰা দ্বিতীয়বাৰ কৰা মৰণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকীক কোনো ব্যক্তিয়ে ৰছীৰে চেপি ধৰাৰ ফলত মৃত্যু হোৱা বুলি স্পষ্ট হৈছিল । অর্থাৎ এই ঘটনা যে সম্পূর্ণ পৰিকল্পিত হত্যাকাণ্ড যে আছিল সেয়া পৰীক্ষাত স্পষ্ট হৈ পৰিছিল ।

উল্লেখ্য যে, উক্ত চাৰি অভিযুক্তৰ লগতে ঘটনাটোৰ মূল অভিযুক্ত কৃষ্ণকমল বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । চি আই ডিয়ে ইতিমধ্যে মূল অভিযুক্ত কৃষ্ণকমল বৰুৱাৰ বিৰুদ্ধে অভিযোগনামা আদালতত দাখিল কৰিছে ।

লগতে পঢ়ক: Dhula Murder Case update: ধূলা কাণ্ডৰ ৰাজসাক্ষী হ’ব নিলম্বিত অ’চি উৎপল বৰাৰ গাড়ীচালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.