ETV Bharat / state

Dhula Murder Case update: ধূলা কাণ্ডৰ ৰাজসাক্ষী হ’ব নিলম্বিত অ’চি উৎপল বৰাৰ গাড়ীচালক

author img

By

Published : Nov 12, 2022, 9:08 PM IST

গ্ৰেপ্তাৰ হোৱা নিলম্বিত অ’চি উৎপল বৰাৰ গাড়ীচালক গুলেনুৰ হুছেইন সাক্ষী বহু ঘটনাৰ। গুলেনুৰ হুছেইনে টকাৰ লেন-দেনত উৎপল বৰাক কৰিছিল সহযোগ। চি আই ডিৰ মাৰাথন জেৰাত পোহৰলৈ আহিছে ধূলা কাণ্ডৰ এটাৰ পাছত আনটো ৰহস্য। গুলেনুৰ হুছেইন ৰাজসাক্ষী হ’লে আন বহু ক’লা অধ্যায় পোহৰলৈ আহিব।

Suspended OC Utpal Boras driver to be main Witness in Dhula case
ধূলা কাণ্ডৰ ৰাজসাক্ষী হ’ব নিলম্বিত অ’চি উৎপল বৰাৰ গাড়ীচালক

গুৱাহাটী,১২ নৱেম্বৰ: ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ধূলা কাণ্ডৰ ৰাজসাক্ষী হ'ব পাৰে গ্ৰেপ্তাৰ হোৱা ধূলা থানাৰ অ’চি উৎপল বৰাৰ গাড়ীচালক গুলেনুৰ হুছেইন (Driver of suspended OC Utpal Bora will witness of Dhula incident)। গুলেনুৰ হুছেইন দীৰ্ঘদিন ধৰি উৎপল বৰাৰ গাড়ীচালক হিচাপে নিয়োজিত হৈ আছিল । গুলেনুৰ হুছেইনেই টকাৰ লেন-দেনত উৎপল বৰাক সহযোগ কৰিছিল ।

উল্লেখ্য যে শুকুৰবাৰে দীৰ্ঘসময় ধৰি গুলেনুৰ হুছেইনক জেৰা চলাইছিল চি আই ডিয়ে । জেৰাত গুলেনুৰে স্বীকাৰ কৰিছিল সকলো কথা । তিনিদিন ধৰি গুলেনুৰক হোটেলত থকা-খোৱাৰ ব্যৱস্থা কৰি দিছিল চি আই ডিয়ে । অৱশেষত জেৰাৰ অন্তত গুলেনুৰক ঘৰলৈ যাবলৈ দিয়ে চি আই ডিয়ে ।

চি আই ডিৰ মাৰাথন জেৰাৰ অন্তত পোহৰলৈ আহিছে ধূলা কাণ্ডৰ এটাৰ পাছত আনটো ৰহস্য । দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ গ্ৰেপ্তাৰৰ পাছত শনিবাৰে ৰাজসাক্ষী হ’বলৈ সন্মতি প্ৰকাশ কৰে পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া তথা ধূলা কাণ্ডৰ অভিযুক্ত উৎপল বৰাৰ গাড়ী চালক গুলেনুৰ হুছেইনে ।

ইফালে চি আই ডিৰ প্ৰাৰম্ভিক জেৰাত বহু তথ্য প্ৰদান কৰে গাড়ী চালকজনে । উল্লেখ্য যে ধূলা কাণ্ডৰ মূল অভিযুক্ত দম্পতীসহ মুঠ ৯ গৰাকী লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । উৎপল বৰাৰ গাড়ী চালক গুলেনুৰ হুছেইনৰ ভাষ্য অনুসৰি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি অভিযুক্তসকলে ধনৰ লেনদেন কৰিছিল গুলেনুৰৰ জৰিয়তে ।

কেৱল বিষয়া সকলৰ নামেই নহয় বৰং কোন স্থানত কোনজন বিষয়াক কিমান ধন দিছিল সকলো তথ্যয়েই চি আই ডিৰ সন্মুখত প্ৰকাশ কৰিছে গাড়ী চালক গুলেনুৰ হুছেইনে । জানিব পৰা মতে ইয়াৰ পূৰ্বেও এনে বহু কামৰ বাবে নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়াজনে গাড়ীচালক গুলেনুৰ হুছেইনক ব্যৱহাৰ কৰিছিল । গুলেনুৰ হুছেইন ৰাজসাক্ষী হ’লে আন বহু ঘটনাৰ আঁৰ কাপোৰ খোল খাব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে দৰঙৰ ধূলাত এছ এছ বিৰ জোৱান কৃষ্ণকমল বৰুৱাই বনকৰা কিশোৰী আৰতী তুৰী ওৰফে মিনিক ধৰ্ষণ কৰি হত্যা কৰিছিল (Dhula Minor Girl Murder Case)। এই ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে ধূলাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই ৫ লাখ টকা লৈছিল ।

তাৰ পাছত দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, কাৰ্যবাহী দণ্ডাধীশ, মৰণোত্তৰ পৰীক্ষা কৰা তিনিগৰ‍াকী চিকিৎসকক মেনেজ কৰি ধৰ্ষণ-হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়া হৈছিল । পৰবৰ্ত্তী সময়ত মুখ্যমন্ত্রীৰ হস্তক্ষেপত চি আই ডিয়ে কৰা তদন্তত সকলো ঘটনা পোহৰলৈ আহে । বৰ্তমান গোটেইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: Dhula Minor Girl Murder Case : ধূলা কাণ্ডৰ বৰ্ণনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.