ETV Bharat / state

আজৱ কাণ্ড: জন্ম হোৱা পুত্ৰ সন্তান কিছু সময়ৰ পাচতে হৈ পৰিল কন্যা সন্তান

author img

By

Published : Jun 25, 2021, 1:53 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi civil hospital)ত শিশুৰ সাল সলনি অভিযোগ। পিতৃ আজিম আলি আৰু মাতৃ আচমা বেগমৰ অভিযোগ অনুসৰি সাল সলনি হৈছে তেওঁলোকৰ সন্তান। পৰিয়ালতোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। চিকিৎসালয় কৰ্তৃপক্ষক ইতিমধ্যে অভিযোগ দাখিল কৰিছে পৰিয়ালৰটোৱে ।

আজৱ কাণ্ড: জন্ম হোৱা পুত্ৰ সন্তান কিছু সময়ৰ পাচতে হৈ পৰিল কন্যা সন্তান
আজৱ কাণ্ড: জন্ম হোৱা পুত্ৰ সন্তান কিছু সময়ৰ পাচতে হৈ পৰিল কন্যা সন্তান

দৰং, 25 জুন : পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi civil hospital)। বিতৰ্কই যেন পিছ নেৰা হৈছে চিকিৎসালয়খনক । কেতিয়াবা যদি ব্লাড বেংক বিতৰ্ক, আকৌ কেতিয়াবা নৱজাতকৰ সাল সলনিৰ ঘটনা পোহৰলৈ আহিছে । এইবাৰো আকৌ নৱজাতক সলনি হোৱাৰ অভিযোগ উঠিছে চিকিৎসালয় খনৰ বিৰুদ্ধে । ভুক্তভোগী পৰিয়ালে জানিব দিয়া অনুসৰি দুদিন পূৰ্বে অৰ্থাৎ বুধবাৰে মঙলদৈ গৰাপৰি গাঁৱৰ আচমা বেগম নামৰ মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi civil hospital)ত ।

আজৱ কাণ্ড: জন্ম হোৱা পুত্ৰ সন্তান কিছু সময়ৰ পাচতে হৈ পৰিল কন্যা সন্তান

প্ৰথমতে চিকিৎসালয় কৰ্তৃপক্ষই পুত্ৰ সন্তান জন্ম হোৱা বুলি কৈছিল পিতৃ-মাতৃক । তাৰপাচতে মহিলাগৰাকীয়ে সন্তান জন্ম দিয়াত চিকিৎসালয়ৰ নাৰ্চে পুত্ৰ সন্তান জন্ম হোৱা বুলি খবৰ দি কাগজত চহী কৰাই লৈছিল । নৱজাতকটোক ৰখা হৈছিল বেবী কেয়াৰ ৰুমত । কিন্তু তেতিয়াহে অথন্তৰ লাগে যেতিয়া মাতৃ গৰাকীয়ে বৃহস্পতিবাৰে গাখীৰ খুৱাবলৈ লওঁতে দেখে সন্তানটি কন্যা সন্তান । সম্প্ৰতি সন্তানটিৰ পিতৃ আজিম আলি আৰু মাতৃ আচমা বেগমৰ অভিযোগ কৰা অনুসৰি সাল সলনি কৰা হৈছে তেওঁলোকৰ সন্তান ।

ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষক সমগ্ৰ ঘটনাৰ সৰ্ন্দভত অভিযোগ দাখিল কৰিছে পিতৃ মাতৃয়ে । লক্ষণীয়ভাৱে এতিয়ালৈকে ঘটনাটোৰ সৰ্ন্দভত কোনো ধৰণৰ মুখ খোলা নাই চিকিৎসালয় কৰ্তৃপক্ষই । দৰাচলতে ঘটনাটো কিমান সচাঁ কিমান মিছা ৷ সম্প্ৰতি এই ঘটনাৰ সৰ্ন্দভত উচিত তদন্তৰ পাচতে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি সদৰি কৰিছে নৱজাতকটিৰ পিতৃ-মাতৃয়ে ।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত সংঘটিত হৈ আহিছে এনে ধৰণৰ ঘটনা ৷ সম্প্ৰতি এনেধৰণৰ বেমেজালি সমূহ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে ৷

লগতে পঢ়কঃ পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.