ETV Bharat / state

5000 টকাত খাকীৰ সন্মান বিক্ৰী কৰিলে ধূলা থানাৰ অ’ চি অজয় সন্দিকৈয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 10:46 PM IST

উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী আৰক্ষী বিষয়া ৷ দৰঙৰ ধূলা থানাৰ অ’চি অজয় সন্দিকৈক 5000 টকা উৎকোচ লওঁতেই হাতে-লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাই ৷

Assam Cop arrested for taking bribe
Dhula PS OC arrested

নিউজ ডেস্ক, 29 নৱেম্বৰ: পুনৰ চৰ্চাত ধূলা থানা ৷ আকৌ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ঘোচ লোৱাৰ অভিযোগ ৷ 5000 টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত হাতে-লোটে ধৰা পৰিল ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় সন্দিকৈ ৷ এটা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ৷ লগতে গ্ৰেপ্তাৰ কৰে মধ্যস্থতাকাৰী মুক্তাৰ হুছেইনকো ৷

ধূলা থানাত উৎকোচৰ ঘটনা এয়াই প্ৰথম নহয় ৷ ইতিপূৰ্বেও ধূলা থানাৰ আন এগৰাকী ভাৰপ্ৰাপ্ত বিষয়া গ্ৰেপ্তাৰ হৈছিল উৎকোচ তথা হত্যাৰ গোচৰ গাপ দিয়াৰ অভিযোগত ৷ তেওঁৰ নাম আছিল উৎপল বৰা ৷ এগৰাকী আদিবাসী নাবালিকাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক গাপ দিছিল তদানীন্তন দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ অ’চি উৎপল বৰাই ৷

নাবালিকাগৰাকী বনকৰা হিচাপে আছিল এছ এছ বিৰ এগৰাকী জোৱান কৃষ্ণকমল বৰুৱাৰ ঘৰত ৷ কিন্তু ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ ৷ কিশোৰীৰ পৰিয়ালে গোচৰ দাখিল কৰিবলৈ যোৱাৰ সময়তে বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত এই গোচৰটো চি আই ডিক দিয়া হয় ৷

চি আই ডিৰ ডি আই জি দেৱৰাজ উপাধ্যায় আৰু এছ এছ পি ইন্দ্ৰাণী বৰুৱাৰ নেতৃত্বত চলা তদন্তত পোহৰলৈ আহিছিল এই ঘটনাক গাপ দিব খোজাৰ সমগ্ৰ তথ্য ৷ পাঁচ লাখ টকাৰ বিনিময়ত ধৰ্ষণ আৰু হত্যাৰ গোচৰক আত্মহত্যাৰ ৰূপ দিছিল আৰক্ষীয়ে ৷ টকাৰ ভাগ পাইছিল অ’চি উৎপল বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে ৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷

পুনৰ এবাৰ অসম আৰক্ষীৰ খাকীত দাগ লগালে ধূলা থানাৰে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে ঘোচখোৰ আৰক্ষী তথা অন্যান্য চৰকাৰী বিষয়াৰ বিৰুদ্ধে নিৰন্তৰভাৱে অভিযান চলায় আহিছে যদিও গা লৰা নাই একাংশৰ ৷ এতিয়াও ধনৰ খঁকুৱা একাংশ বিষয়া-কৰ্মচাৰীয়ে উৎকোচ নহ’লে কাম নকৰাৰ মনোভাৱ পুহি ৰখা দেখা গৈছে ৷

লগতে পঢ়ক: আৰক্ষীৰ জালত পলাতক এ চি এছ বিষয়া ৰাকেশ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.