ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ

author img

By

Published : Aug 17, 2020, 4:47 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত পুনৰ সৃষ্টি হৈছে ক্ষোভৰ জুই । এইবাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদত উত্তাল মঙলদৈ চহৰ ।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ

দৰং, 17 আগষ্ট : নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত পুনৰ সৃষ্টি হৈছে ক্ষোভৰ জুই । এইবাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদত উত্তাল মঙলদৈ চহৰ ।

মঙলদৈত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী । জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে EIA, 2020 খচৰা গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্তৰ বাতিলৰ দাবীত এই আন্দোলনৰ কাৰ্য্যসূচী । আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে পৰিষদৰ দৰং জিলা সমিতিয়ে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে EIA, 2020 DRAFT গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

পৰিষদৰ শতাধিক কৰ্মীয়ে "কা" আমি নামানো,জাতিধ্বংসী "কা" অতিশীঘ্ৰে বাতিল কৰক,বিজেপি চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে মঙলদৈ চহৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ।

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ

লগতে পঢ়কঃ নগাঁৱত CAA ৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.