ETV Bharat / state

সংৰক্ষিত সমষ্টিতেই উপেক্ষিত নেকি অনুসূচীত জাতিৰ লোক?

author img

By

Published : Jul 22, 2021, 10:35 PM IST

tender scam in darrang
দৰঙৰ অনুসূচীত জাতি বঞ্চিত

দৰঙৰ মঙলদৈ সমষ্টি তথা অনুসূচীত জাতি (Scheduled Castes)ৰ বাবে সংৰক্ষিত সমষ্টিতে উপেক্ষিত অনুসূচীত জাতিৰ লোকসকল ৷ 1 নং দৰং ব্ৰহ্মপুত্ৰ মীন মহলৰ প্ৰকৃত মাছমৰীয়া অনুসূচীত জাতিৰ লোকক বঞ্চিত কৰি অন্য সম্প্ৰদায়ৰ লোকক মাছৰ মহল চমজাই দিয়াক লৈ ক্ষোভিত হৈ পৰিছে বঞ্চিত লোকসকল ৷

দৰং, 22 জুলাই : দৰং জিলাৰ মঙলদৈ সমষ্টিত অনুসূচীত জাতিৰ বাবে সংৰক্ষিত মীন বিভাগ (Fishery Department)ত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, অনুসূচীত জাতি (Scheduled Castes)ৰ বাবে সংৰক্ষিত সমষ্টিতে উপেক্ষিত হৈছে অনুসূচীত জাতিৰ লোকসকল ৷ 1 নং দৰং ব্ৰহ্মপুত্ৰ মীন মহলৰ প্ৰকৃত মাছমৰীয়া অনুসূচীত জাতিৰ লোকসকলক বঞ্চিত কৰি অন্য সম্প্ৰদায়ৰ লোকক মাছৰ মহল চমজাই দিয়াৰ প্ৰতিবাদ কৰিছে ৰৌমাৰী কো-অ’পাৰেটিভ ফিছাৰী ছ’চাইটি (Co-Operative Fishery Society)য়ে ৷ এই অভিযোগেৰে উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰে ছ’চাইটিটোৱে ৷

দৰঙৰ অনুসূচীত জাতি বঞ্চিত

ৰৌমাৰী কো-অ’পাৰেটিভ ফিছাৰী ছ’চাইটিয়ে অভিযোগ তুলি কয় যে, 1975 চনৰ পৰা আজি পৰ্যন্ত দৰং জিলাৰ ঐন্যতম মাছৰ মহল 1 নং ব্ৰহ্মপুত্ৰ মীনমহলৰ পৰা বঞ্চিত হৈ আছে থলুৱা প্ৰকৃত মাছমৰীয়াসকল । ইয়াৰ পৰিৱৰ্তে বাঘপৰি মাইমল মীন সমবায় সমিতিয়ে মন্ত্ৰীৰ লগতে মীন বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে মিলি বৃহৎ পৰিমাণৰ ধনৰ লেন-দেন কৰি অনুসূচীত জাতিৰ প্ৰকৃত মাছমৰীয়াসকলক বঞ্চিত কৰি আহিছে । প্ৰতি 7 বছৰৰ অন্তত সম্পন্ন হয় এই মীন মহলৰ নিবিদা প্ৰক্ৰিয়া ।

চলিত বৰ্ষতো চৰকাৰে নিবিদা লৈছিল যদিও নিবিদাত উচ্চ হাৰ লগোৱা প্ৰকৃত সমবায় সমিতিসমূহক বঞ্চিত কৰি নিম্ন হাৰৰ নিবিদাকাৰী ‘1 নং দৰং ব্ৰহ্মপুত্ৰ মীন মহল’ক চমজাই দিয়াতো এক ৰহস্যৰ বিষয় হৈ পৰিছে ৷

অন্য এক অভিযোগ অনুসৰি, মাছমৰীয়া সমবায় সমিতিসমূহ 100 শতাংশই অনুসুচিত জাতিৰ লোক হোৱাতো বাঞ্চনীয় যদিও বাঘপৰি মাইমল মীন সমবায় সমিতিৰ সৰহ সংখ্যক সদস্যই সাধাৰণ ইছলামধৰ্মীৰ লোক । তৎসত্বেও কেনেদৰে বিভাগে এনে ছ’চাটিক মীন মহল চমজাই দিলে, ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে ৰৌমাৰী কো-অপাৰেটিভ ফিছাৰী ছ’চাইটিৰ সদস্যসকলৰ মাজত ৷

লগতে পঢ়ক : এম বাথাৰ ওভতনি যাত্ৰাত উৎফুল্লিত পত্নী-কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.