ETV Bharat / state

মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

author img

By

Published : Jun 12, 2021, 2:13 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi Civil Hospital)ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এগৰাকী ৰোগীৰ পৰিয়ালে ৷ চৰকাৰী পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ ৰিপোৰ্ট মানি নলোৱাৰ অভিযোগ চিকিৎচকৰ বিৰুদ্ধে ৷

allegation-against-doctor-of-not-accapting-govt-lab-report-at-mangaldoi
মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

দৰং,12 জুন: ৰাজ্যত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ চৰকাৰী পৰীক্ষাগাৰত কৰা পৰীক্ষা মানি নলয় খোদ চৰকাৰী চিকিৎসকে ৷ এই অভিযোগ উৎথাপন কৰিছে শেহতীয়াকৈ ক'ভিডৰ পৰা মুক্ত হোৱা ব্যক্তিৰ পৰিয়ালে ।

মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi Civil Hospital)ত বিভিন্ন পৰীক্ষাৰ সুবিধা থকাৰ পিছতো ব্যক্তিগত পৰীক্ষাগাৰত জোৰ কৰি পৰীক্ষা কৰোৱাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে ৷ এই অভিযোগ উত্থাপিত হৈছে মঙলদৈ অসামৰিক সিকিৎসালয় (Mangaldoi Civil Hospital)ৰ চিকিৎসক ডাঃ ধৰ্মেন্দ্ৰ চহৰীয়াৰ বিৰুদ্ধে ৷

মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

উল্লেখযোগ্য যে, মঙলদৈৰ শইকীয়া পাৰাৰ যাদৱ শইকীয়া নামৰ ব্যক্তিজন ক'ভিডত আক্ৰান্ত হৈছিল ৷ পৰৱৰ্তী সময়ত তেঁও ক'ভিডমুক্ত হয় ৷ কিন্তু ক'ভিড মুক্ত হোৱাৰ পিছতো সচেতনতা দেখুৱাই ব্যক্তিজনে মঙলদৈ অসামৰিক চিকিৎসালয় (Mangaldoi Civil Hospital)ত ক'ভিডৰ পিছত ল'ব লগা সাৱধানতা সম্পৰ্কত ডাক্তৰৰ পৰামৰ্শ আৰু প্ৰয়োজনীয় পৰীক্ষা সমূহ কৰিবলৈ আহিছিল ৷

মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কিন্তু সেইখিনি পৰীক্ষাৰ সুবিধা চিকিৎসালয়ত থকাৰ পিছতো ব্যক্তিগত পৰীক্ষাগাৰত কৰিবলৈ দিয়াত আপত্তি কৰে ব্যক্তি জনৰ পৰিয়ালে ৷ তাতেই খহত অগ্নিশৰ্মা হৈ পৰে চিকিৎসক গৰাকী ৷ চিকিৎসক গৰাকীয়ে ব্যক্তি জনৰ পত্নীকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

পৰৱৰ্তী সময়ত ব্যক্তিজনে এই সন্দৰ্ভত মঙলদৈ অসামৰিক সিকিৎসালয় (Mangaldoi Civil Hospital)ৰ অধীক্ষক গৰাকীক লিখিত অভিযোগ দিয়ে ৷ অধীক্ষক গৰাকীয়েও ইয়াৰ উচিত তদন্তৰ আশ্বাস দিছে ৷ কিন্তু চৰকাৰী চিকিৎসক এজনে ৰোগীৰ লগত কৰা এনে ব্যৱহাৰে সকলোকে পুনৰববাৰ ভবাই তুলিছে ৷

লগতে পঢ়কঃ ৰাজ্যত অব্যাহত কৰ'ণা সংক্ৰমণ: আজিৰে পৰা পুনৰ দিয়া হৈছে ক'ভেক্সিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.