ETV Bharat / state

খিলঞ্জীয়াৰ ভূমি উদ্ধাৰত নামিল বিধায়ক পৰমানন্দ ৰাজবংশী

author img

By

Published : Feb 13, 2022, 2:19 PM IST

Agriculturel scheme launched at darang
খিলঞ্জীয়াৰ ভূমি উদ্ধাৰত নামিল ছিপাঝাৰৰ বিধায়কগৰাকী

মঙলদৈৰ হেটৌ চৰত বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী ৷ বেদখলকাৰীৰ কৱলৰ পৰা জিলা প্ৰশাসনে উদ্ধাৰ কৰা ৩০০ বিঘা ভূমি পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে ৷ লগতে বিধায়কগৰাকীয়ে মুকলি কৰে এখন কৃষি আঁচনিও (Agriculturel scheme launched at darang)।

মঙলদৈ, 13 ফেব্ৰুৱাৰী : এইবাৰ খিলঞ্জীয়াৰ ভূমি উদ্ধাৰত নামিল বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী ৷ ছিপাঝাৰৰ গৰুখুঁটিৰ পিছত মঙলদৈৰ হেটৌ চৰত খিলঞ্জীয়াৰ ভূমি উদ্ধাৰত নামিল বিধায়কগৰাকী (MLA Paramananda Rajbongshi visited Hatou sor) । মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত হেটৌ চৰৰ খিলঞ্জীয়া লোকৰ 3,000 বিঘা ভূমি সন্দেহজনক নাগৰিকে অবৈধভাৱে দখল কৰি আছিল ।

Agriculturel scheme launched at darang
হেটৌ চৰত মুকলি এখন কৃষি আঁচনি

ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছতো ভূমিখিনি উদ্ধাৰ কৰিব পৰা হোৱা নাছিল । শেহতীয়াকৈ বিধায়কগৰাকীৰ তৎপৰতাত জিলা প্ৰশাসনে 300 বিঘা ভূমি উদ্ধাৰ কৰি চমজাই দিয়ে খিলঞ্জীয়া ৰাইজক । শনিবাৰে সেইস্থান পৰ্যৱেক্ষণ কৰে ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে ৷ উক্ত স্থানত বিধায়কগৰাকীয়ে এখন কৃষি আঁচনিও (Agriculturel scheme launched at Darang) শুভাৰম্ভ কৰে ।

লগতে এই অনুষ্ঠানৰ পৰাই বিধায়কগৰাকীয়ে অবৈধ নাগৰিকসকলক শীঘ্ৰেই খিলঞ্জীয়াৰ ভূমি এৰি দিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে, এইখন চৰকাৰৰ দিনত কোনো কাৰণতে খিলঞ্জীয়াৰ ভূমি সন্দেহজনক লোকে বেদখল কৰা কাৰ্য সহ্য কৰা নহ’ব । যাৰবাবে চৰকাৰ এই সন্দৰ্ভত কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷

খিলঞ্জীয়াৰ ভূমি উদ্ধাৰত নামিল ছিপাঝাৰৰ বিধায়কগৰাকী

উল্লেখ্য যে, শনিবাৰে হেটৌ চৰত আয়োজিত এই অনুষ্ঠানত বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীৰ লগতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক গুৰুজোতি দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ, জিলা কৃষি বিষয়া জোতিষ নাথ, মীন বিষয়া হেমাংগ দাস ৷

লগতে পঢ়ক : নিম্ন প্ৰাথমিক শিক্ষাখণ্ডত সংযোজিত হ'ব চাৰিটা জনজাতীয় ভাষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.