ETV Bharat / state

বিগত 24 ঘন্টাত দৰঙৰ ১২১ গৰাকী লোক আক্ৰান্ত হ'ল কৰ'ণাত

author img

By

Published : May 2, 2021, 8:21 AM IST

শনিবাৰে দৰঙত নতুনকৈ ১২১ গৰাকী লোক আক্ৰান্ত হ'ল কৰ'ণাত ৷ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১০২১ জনলৈ বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৬৭৫ গৰাকী ক'ভিড আক্ৰান্ত । ইয়াৰে ৬৮ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৬০৫ জন আক্ৰান্ত হোম আইচ'লেচনত আছে।

বিগত 24 ঘন্টাত দৰঙৰ ১২১ গৰাকী লোক আক্ৰান্ত হ'ল কৰ'ণাত
বিগত 24 ঘন্টাত দৰঙৰ ১২১ গৰাকী লোক আক্ৰান্ত হ'ল কৰ'ণাত

মঙলদৈ, 2মে': দৰঙত শনিবাৰে নতুনকৈ ১২১ গৰাকী লোকৰ শৰীৰত ধৰা পৰে ক'ভিড-১৯ৰ উপস্থিতি । চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১০২১ জনলৈ বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৬৭৫ গৰাকী ক'ভিড আক্ৰান্ত । ইয়াৰে ৬৮ গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে ৬০৫ জন আক্ৰান্ত হোম আইচ'লেচনত আছে।

চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত ৩৩ গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু ২৬ গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৪ গৰাকী আৰু গুৱাহাটীৰ জি এন আৰ চি হস্পিতালত ৪ গৰাকী আৰু নাৰায়ন হৃদালয়াত 1গৰাকী আক্ৰান্ত ভৰ্তি হৈ আছে।

ইফালে, শনিবাৰৰ দিনটোত জিলাখনত ৬৯৬টা ৰেপিড এন্টিজেন টেষ্ট (RAT) আৰু ১০৬ টা আৰ টি পি চি আৰ (RTPCR) টেষ্ট সম্পন্ন হৈছে।

লগতে পঢ়ক: বিগত ২৪ ঘণ্টাত বৰপেটাত ১১২গৰাকী লোক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.