ETV Bharat / state

চিৰাঙত বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক

author img

By

Published : Nov 6, 2021, 10:52 PM IST

Pangolin smuggling racket busted
চিৰাঙত বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক

বনৰৌ বিক্ৰী কৰিবলৈ আহি আটক হ'ল তিনি সৰবৰাহকাৰী । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চিৰাং জিলাৰ বন বিভাগে অভিযান চলাই ঢালিগাঁৱৰ পৰা এটা বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক কৰে ।

চিৰাং, 6 নৱেম্বৰ : চিৰাঙৰ ঢালিগাঁৱত বনৰৌ বিক্ৰী কৰিবলৈ আহি আটক হ'ল তিনি সৰবৰাহকাৰী । চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে লাভ কৰা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চিৰাং জিলা বন বিভাগে অভিযান চলাই ঢালিগাঁৱৰ পৰা এটা বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক কৰে ।

সৰবৰাহকাৰী তিনিজনৰ পৰা বনবিভাগৰ লোকে এখন নম্বৰ বিহীন চাৰিচকীয়া বাহন জব্দ কৰে ৷ আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে, শংকু দত্ত, সন্দীপ সাহা আৰু আৰাধন সৰকাৰ । চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে সদৰী কৰা মতে, বন্যপ্ৰাণী সৰবৰাহৰ মাষ্টাৰ মাইণ্ড হৈছে শংকু দত্ত ৷

চিৰাঙত বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক

শংকু দত্ত আৰু সন্দীপ সাহাৰ ঘৰ পশ্চিমবংগৰ মালদা আৰু আৰাধন সৰকাৰৰ ঘৰ বঙাইগাঁও জিলাৰ চুঙাপোতাত বুলি জানিব পৰা গৈছে । বন্যপ্ৰাণী চোৰাং ব্যৱসায় চক্ৰৰ মূল ব্যক্তি শংকু দত্ত পশ্চিমবংগৰ এজন এনচিবি কৰ্মচাৰী বুলিও জানিব পৰা গৈছে ।

বন বিভাগৰ তথ্য অনুসৰি সৰবৰাহকাৰী কেইজনৰ হাতত মুঠ ৬ টা বন ৰৌ আছে । তেওঁলোকে বিক্ৰীৰ বাবে চেষ্টা চলাই আছিল আৰু এনে সময়তে বন বিভাগে গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত এটা বনৰৌ সহ তেওঁলোকক আটক কৰে ৷ বাকী ৫ টা বনৰৌৰ তথ্য উলিয়াবৰ বাবে বন বিভাগে অব্যাহত ৰাখিছে অভিযান ।

উল্লেখ্য যে, অসম আৰু মেঘালয়ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বনৰৌ ধৰি চোৰাংভাৱে বিক্ৰী কৰি আহিছিল ধৃত তিনি সৰবৰাহকাৰীয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ পৰা এতিয়াও বিজেপি গমনৰ যত্ন অব্যাহত আছে বিধায়কৰ : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.