ETV Bharat / state

দুটাকৈ প্ৰকাণ্ড হাতী দাঁতসহ আটক এজন

author img

By

Published : Aug 24, 2020, 5:25 AM IST

হাতী দাঁতৰ সৈতে চিৰাঙত আটক এজন ৷ হাতী দাঁতৰ ব্যৱসায়ৰ আঁৰত ৰাজনৈতিক নেতা থকাৰ সন্দেহ ৷

one arrested with elephant tusks
one arrested with elephant tusks

চিৰাং, 23 আগষ্ট : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত হাতী দাঁতৰ সৈতে গ্ৰেপ্তাৰ এজন । চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত চিৰাং আৰক্ষী আৰু বন বিভাগে যৌথ অভিযান চলাইছিল বিয়লি ২.৩০ বজাৰ পৰা । জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত দহ কেজি ওজনৰ দুটা হাতী দাঁতৰ সৈতে দুই নং খাগ্ৰাবাৰীৰ এলেন বসুমতাৰী(৪৬) নামৰ লোক জনক আটক কৰিবলৈ সক্ষম হয় ।

দুটাকৈ প্ৰকাণ্ড হাতী দাঁতসহ আটক এজন

আটকাধীন লোকজন হাতী দাঁতৰ চোৰাং ব্যৱসায়ী দলৰ সদস্য বুলি জনায় আৰক্ষী অধীক্ষক জনে । এলেন বসুমতাৰীৰ পৰা হাতী দাঁত দুটাৰ সৈতে মোবাইল ফোন এটা আৰু এটা ৰেইনকোৰ্ট জব্দ কৰে । দাদগিৰি আৰক্ষী চকীত এই সন্দৰ্ভত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ৩২১ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে লোক জনক অধিক তথ্যৰ বাবে সোধ পোচ চলাই আছে । সন্দেহ কৰা হৈছে হাতী দাঁতৰ চোৰাং ব্যৱসায়ত বিটিচিৰ কোনো বিশেষ ৰাজনৈতিক দলৰ নেতাৰ হাত আছে ।

লগতে পঢ়ক : আগন্তক নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো নেতাকৰ্মী সাজু হোৱাৰ সময়ঃ তুলিৰাম ৰংহাঙ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.