ETV Bharat / state

Microfinance loan waiver scheme: চিৰাঙক ড্ৰাগছমুক্ত কৰিবলৈ ৰাইজক আহ্বান ৰণগৌৰা নাৰ্জাৰীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:16 PM IST

চিৰাঙত মাইক্ৰ'ফাইনেন্সৰ প্ৰমাণ পত্ৰ বিতৰণ । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে আৰ্থিক সকাহেৰে প্ৰতিজন নাগৰিকৰ জীয়াই থকাৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰীয় ।

Microfinance loan waiver scheme
অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনি

সাংসদ ৰণগৌৰা নাৰ্জাৰী

চিৰাং, ১৭ অক্টোবৰ: অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা 'No Dues Certificate' প্ৰদান কাৰ্যসূচীৰ অংশস্বৰূপে সোমবাৰে চিৰাং জিলাতো চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । চিৰাং জিলাৰ সদৰ কাজলগাঁও পেৰেড গ্ৰাউণ্ডত আয়েজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে বিধায়ক অজয় কুমাৰ ৰায় ।

চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত ৰিংখাং মুছাহৰীয়ে পৰিচালনা কৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে । জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে চিৰাং জিলাত ৬৭৬ গৰাকী ঋণগ্ৰস্ত মহিলাক চৰকাৰৰ পৰা সহায় দিয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি উল্লেখ কৰে । ইপিনে,মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে হিতাধিকাৰী সকলে কি কি কাৰণত ঋাণ লৈছিল আৰু কি কাৰণত পৰিশোধ কৰিব পৰা নাই সেই বিষয়ে মত বিনিময় কৰে ।

তেওঁ চিৰাং জিলাৰ অভিভাৱক সকলক বিগত বছৰটোৰ দৰে জিলাখনত যাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ছাত্ৰ-ছাত্ৰীসকলে উন্নত কৰিব পাৰে তাৰ বাবে আহ্বান জনায় । দেশৰ নাগৰিক হিচাপে প্ৰতিজন নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ থকা হেতু মুখ্যমন্ত্ৰীয়ে জীৱন ধাৰণৰ ব্যৱস্থা কৰিছে বুলি কয় সাংসদ ব্ৰৰণগৌৰা নাৰ্জাৰীয়ে । তেওঁ চিৰাঙক ড্ৰাগছমুক্ত সমাজ গঢ়িবলৈ ৰাইজক আহ্বান জনায় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে সদায় দৰিদ্ৰ লোক তথা সাধাৰণ লোকৰ চিন্তা কৰি নতুন নতুন আঁচনীৰে অসমখনক আগুৱাই নিয়াৰ চেষ্টা কৰা বুলি কয় ।

লগতে পঢ়ক:Jayanta Malla Baruah on Bhupen kumar Borah; ভূপেন বৰাই চাঙে চাঙে গৈয়ে গণ্ডগোল লগালে, কংগ্ৰেছে জানে লুংগী আৰু টুপী ক’ত পিন্ধিব লাগে : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.