ETV Bharat / state

Jayanta Malla Baruah on Bhupen kumar Borah; ভূপেন বৰাই চাঙে চাঙে গৈয়ে গণ্ডগোল লগালে, কংগ্ৰেছে জানে লুংগী আৰু টুপী ক’ত পিন্ধিব লাগে : জয়ন্ত মল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:01 AM IST

Jayanta Malla Baruah criticized Bhupen kumar Borah
মাইক্ৰ’ফাইনান্স ঋণ পৰিশোধৰ প্ৰমাণ পত্ৰ বিতৰণ

নলবাৰীত আয়োজন মাইক্ৰ’ফাইনান্স ঋণ ৰেহাইৰ অনুষ্ঠান । অনুষ্ঠান উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা । উক্ত অনুষ্ঠানতে নলবাৰীৰ ৬৫৮৫ গৰাকী মহিলাক মাইক্ৰ'ফাইনান্সৰ ঋণ মুক্ত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ।

মাইক্ৰ’ফাইনান্স ঋণ পৰিশোধৰ প্ৰমাণ পত্ৰ বিতৰণ

নলবাৰী, 17 অক্টোবৰ : ‘‘ভূপেন বৰাই চাঙে চাঙে গৈয়ে গন্দগোল লগালে ৷ চাঙে চাঙে যোৱাৰ আগতে অসমৰ সভ্যতা, সংস্কৃতিৰ বিষয়ে জানিব লাগিব ৷ তেওঁ প্ৰথমতে জানি লওক অসমীয়া কোনটো জনগোষ্ঠীয়ে কি মূৰত লয়, কি ডিঙিত লয় বা ক’ত বহে ৷ কিন্তু চৰে চৰে যোৱাত কোনো আপত্তি নাই ৷ তেওঁলোকে জানে লুংগী আৰু টুপী ক’ত পিন্ধিব লাগে ৷’’ নলবাৰীত আয়োজিত মাইক্ৰ’ফাইনান্স ঋণ ৰেহাই অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

উল্লেখ্য যে, সোমবাৰে নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলাখনৰ মহিলাসকলৰ মাইক্ৰ'ফাইনান্স ঋণ ৰেহাই অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানতে নলবাৰীৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে মাইক্ৰ'ফাইনান্স ঋণ পৰিশোধৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে ।

উক্ত অনুষ্ঠানৰ অতিথিৰূপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা ৷ লগতে জিলা আয়ুক্ত বৰ্ণালী ডেকা, সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ যোশী, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, নলবাৰী পৌৰসভাৰ চেয়াৰমেন জয়শ্ৰী তালুকদাৰ, জ্যেষ্ঠ অগপ নেতা আনন্দ ৰাজবংশীকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে ।

ভাষণ প্ৰসংগত দুয়োগৰাকী নেতা ক্ৰমে জয়ন্ত মল্ল বৰুৱা আৰু ভূৱনেশ্বৰ কলিতাই 21 ৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেয়া আখৰে আখৰে পালন কৰি আহিছে বুলিও সদৰী কৰে । সেই প্ৰতিশ্ৰুতি স্বৰূপে আনুষ্ঠানিকভাৱে নলবাৰী জিলাৰ 6,585 গৰাকী মহিলাক ঋণ ৰেহাইৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে ।

ইপিনে উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ ভূৱনেশ্বৰ কলিতাই কংগ্ৰেছক ৰাইজে পাহৰি যোৱা কাৰণ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷ কংগ্ৰেছে বাগানে বাগানে, চাঙে চাঙে যাত্ৰা কৰা বুলিও তেওঁ কটাক্ষ কৰে । এতিয়া আৰু অসমৰ তৃণমূল ৰাইজে বিজেপিৰ উন্নয়নৰ যাত্ৰা দেখি কংগ্ৰেছ দলক পাহৰি যোৱা বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ চাঙে চাঙে যাত্ৰাৰ নামত ভূপেন বৰাই অসমৰ কোচ ৰাজবংশীসকলৰ আবেগৰ কাপোৰত বহি নিকৃষ্ট ৰাজনীতি কৰা বুলিও সদৰী কৰে । লগতে হৰি মন্দিৰৰ নিৰ্বাচন কেন্দ্ৰীক বিতৰ্ক সন্দৰ্ভত সকলো বিতৰ্ক কেৱল সংবাদ মাধ্যমৰহে সৃষ্টি বুলিও দাবী কৰে ।

লগতে পঢ়ক : Vedic Mathematics is a mathematical technique; বৈদিক গণিত মানে গণিত শিকাৰ কৌশল: ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.