ETV Bharat / state

চিৰাঙত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Jan 12, 2021, 8:02 PM IST

চিৰাঙত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ ,আটক দুজন
চিৰাঙত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ ,আটক দুজন

চিৰাঙত বন বিভাগৰ অভিযানত চোৰাং ভাৱে হাৰিয়ানা লৈ যোৱাৰ পথত খয়েৰ ভৰ্তি ট্ৰাক জব্দ লগতে আটক কৰিছে দুজনক । জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ HR-37D-5661 ।

চিৰাং , ১২ জানুৱাৰী : চিৰাং জিলাত কাঠৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । এই অভিযানত মঙলবাৰে চিৰাঙৰ কাজলগাঁৱৰ পৰা বন বিভাগে জব্দ কৰিলে এখন খয়েৰ কাঠ ভৰ্তি ট্ৰাক । HR-37D-5661 নম্বৰৰ খয়েৰ কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে চিৰাং বন বিভাগে । লোক দুজন ক্ৰমে হাৰিয়ানাৰ মন্দিপ সিং আৰু গুৰজিন্দৰ সিং। দুয়োজনকে অধিক তথ‍্যৰ বাবে জেৰা অব‍্যাহত ৰাখিছে বন বিভাগে । উল্লেখ যে, ডিমাপুৰৰ পৰা অনা বুলি ভুৱা চালান দেখুৱাই চিৰাঙৰ পৰা অবৈধভাৱে হাৰিয়ানালৈ লৈ যোৱাৰ চেষ্টা চলাইছিল খয়েৰ কাঠ সমুহ ।

চিৰাঙত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ ,আটক দুজন
চিৰাঙত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ ,আটক দুজন

চিৰাঙৰ পৰা বহিঃৰাজ‍্যলৈ অবৈধ তথা চোৰাং ভাৱে খয়েৰ কাঠ প্ৰেৰণ কৰাৰ ঘটনা সংঘটিত হৈ আছে দীৰ্ঘ দিনৰ পৰাই । বন বিভাগে বহু কেইখন খয়েৰ ভৰ্তি গাড়ী পূৰ্বেও জব্দ কৰিছিল তাৰ পিছতো এইদৰেই একাংশই বিভিন্ন পন্থাৰে অব‍্যাহত ৰাখিছে খয়েৰ কাঠৰ অবৈধ সৰবৰাহ ।

লগতে পঢ়ক :মনীষা শৰ্মাক "মৰা পাগলাদিয়া সাহিত্য বঁটা" প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.