ETV Bharat / state

পূজা উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

author img

By

Published : Oct 5, 2019, 7:04 PM IST

পূজা উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শাৰদীয় দুৰ্গা পূজাক লৈ চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা । শান্তি-শৃংখলাৰে পূজা উদযাপনৰ লক্ষ্য ৰাখি তৎপৰ জিলা প্ৰশাসন ৷

চিৰাং, 5 অক্টোবৰঃ আজি মহাসপ্তমী ৷ সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙটো উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা ৷ চিৰাং জিলাত এইবাৰ মুঠ 121 খন পূজা মণ্ডপত অনুষ্ঠিত হৈছে দুৰ্গা পূজা ৷ শান্তিপূৰ্ণ আৰু নিৰাপদ ভাৱে পূজা উপভোগ কৰিব পৰাকৈ চিৰাং জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷

পূজা উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে ভাৰত-ভূটান এলেকা আৰু জিলাখনৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে ব্যাপক তালাচী অভিযান ৷ জিলাখনত উগ্ৰপন্থীয়ে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে বনাঞ্চল, সীমান্ত এলেকাত ব্যাপক তালাচী চলায় ৷

ইপিনে এছ এছ বি, ভাৰতীয় সেনা বাহিনী আৰু চি আৰ পি এফ বাহিনীয়ে শক্তিশালী নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলি চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰি জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ৷

শাৰদীয় দুৰ্গা পূজাক লৈ চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
Intro:চিৰাঙত পুজা উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। শান্তি-শৃঙ্খলাৰে পুজা উদযাপনৰ ব্যৱস্থা জিলা প্ৰশাসনৰ ।


Body:চিৰাং জিলাতো কালি সন্ধিয়া পূজা মণ্ডপত সমূহত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ প্ৰতিমা বেদীত বেল বৰণেৰে স্থাপন হোৱাত মন্ত্ৰ উচ্চাৰণেৰে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ জিলাখনত এইবাৰ ১২১ খন পূজা মণ্ডপত অনুষ্ঠিত হৈছে দুৰ্গা পূজা ৷ দুৰ্গা পূজা শান্তিপূৰ্ণ, সকলোৱে নিৰাপদে পূজা উপভোগ কৰিব পৰাকৈ চিৰাং জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে ভাৰত-ভূটান এলেকা আৰু জিলাখনৰ বছা বছা ঠাইত তালাচী অভিযানো চলোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ উগ্ৰপন্থিৰ সাম্ভাৱ্য আক্ৰমন হব পৰা বিভিন্ন ঠাই যেনে বনাঞ্চল, সীমান্ত এলেকাত যাতে উগ্ৰপন্থীয়ে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এছ এছ বি, ভাৰতীয় সেনা বাহিনী আৰু চি আৰ পি এফ বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলি চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰিছে ৷ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাদাৰণক শান্তি- শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ৷

বাইট : সুধাকৰ সিং,চিৰাং জিলা আৰক্ষী অধিক্ষক ।


Conclusion:পুজাৰ সময়ছোৱাত সকলো জাতী,জনগোষ্টী তথা ধৰ্মাৱলম্বি লোকে মিলা-প্ৰতিৰে পুজা উদযাপন কৰা তথা জিলাখনত স্থায়ী ভাৱে শান্তি প্ৰতিষ্টা কৰাই মুল লক্ষ্য হিচাবে লৈ জিলা আৰক্ষী প্ৰশাসনে দিনে-নিশাই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । এয়া নিশ্চয়কৈ জিলাবাসীৰ বাবে এক নিদৰ্শন হব বুলিও একাংশলোকে আশা প্ৰকাশ কৰে ।


চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.