ETV Bharat / state

BTR Govt second anniversary: চিৰাঙত বিটিআৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ছয়গৰাকী লোকলৈ বিশেষ সম্বৰ্ধনা

author img

By

Published : Dec 20, 2022, 1:06 PM IST

Chirang BTR Govt 2 years celebration
বিটিআৰৰ বৰ্ষপুৰ্তি অনুষ্ঠানত ছয়গৰাকী লোকলৈ বিশেষ সম্বৰ্ধনা

চিৰাঙত বিটিআৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান (BTR completed 2 years) ৷ ছয় গৰাকী লোকলৈ বিশেষ সম্বৰ্ধনা ৷ বিটিআৰৰ দুবছৰীয়া উন্নয়ণৰ খতিয়ান লৈ কাৰ্যবাহী সদস্য উলছন হাছদাৰ সংবাদমেল কাজলগাঁৱত ।

বিটিআৰৰ বৰ্ষপুৰ্তি অনুষ্ঠানত ছয়গৰাকী লোকলৈ বিশেষ সম্বৰ্ধনা

চিৰাং, 20 ডিচেম্বৰ : ‘‘বিগত দুটা বছৰত বিটিআৰ এলেকাত বিৰাজ কৰিছে শান্তি আৰু প্ৰগতি ৷ এই প্ৰগতিৰ দিশেৰে সম্প্ৰতি বিটিআৰৰ জনসাধাৰণে আগুৱাব ধৰিছে’’ ৷ এই মন্তব্য চিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ ৷ বিটিচিৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে বিভীষিকাময় পৰিৱেশৰ পৰা মুক্ত হৈ এতিয়া বিটিচিৰ উন্নয়নৰ গতি ত্বৰান্বিত হ’ব ধৰিছে (BTR Govt 2 years celebration ) ৷

বিধায়ক বসুমতাৰীয়ে বিটিচিৰ শিক্ষাৰ্থীৰ বাবে বিটিচি প্ৰশাসনে চুপাৰ ৫০ ফৰ্মূলা গ্ৰহণ কৰি ৫০ গৰাকী যুৱক-যুৱতীক ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুত আছে বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত চুপাৰ ৫০ ফৰ্মূলা ইঞ্জিনীয়াৰিং আৰু চিকিৎসা পাঠ্যক্ৰমৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷ বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত বিটিআৰ চুক্তিৰ পাছত বিটিচিত শান্তি বিৰাজ কৰাৰ লগতে উন্নয়ন হৈছে বুলি মত ব্যক্ত কৰে ৷ লগতে তেওঁ মদ-জুৱাৰ মেলাৰ পৰিৱেশৰ পৰিৱৰ্তে এতিয়া বিটিচিত ভূমি মেলা আৰম্ভ হৈছে বুলিও কয় (BTR completed 2 years) ৷

এতিয়া বিটিআৰৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা ভূমি সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছে বুলি সভাত উল্লেখ কৰে ৷ চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে উদ্দেশ্যে বাখ্যা কৰা অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে বিটিচিৰ পৰিষদীয় সদস্য চাইখং বসুমতাৰীয়ে ৷ বৰ্ষপূতি উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা প্ৰশাসনৰ পৰা চিদলীৰ কাঞ্চন ৰায়ক শ্ৰেষ্ঠ আশা কৰ্মী, সুন্দৰীৰ কিৰণময়ী ৰয়ক শ্ৰেষ্ঠ অংগনৱাড়ী কৰ্মী, শান্তিপুৰৰ কাতিমল নাৰ্জাৰী আৰু নিৰঞ্জন বিশ্বাসক শ্ৰেষ্ঠ গাঁওবুঢ়া, ৰুণীখাটাৰ দুলাৰায় নাৰ্জাৰীক শ্ৰেষ্ঠ খেতিয়ক আৰু বেংতলৰ ৰহেন্দ্ৰ চাপ্ৰামাৰীক শ্ৰেষ্ঠ শিক্ষক হিচাপে মানপত্ৰ সহ সম্বৰ্ধনা জনোৱা হয় (Bodoland Territorial Region ) ৷

কাজলগাঁওস্থিত চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিটিআৰ চৰকাৰৰ মুখপাত্ৰ তথা কাৰ্যবাহী সদস্য উলছন হাছদাই বিগত দুটা বছৰত বিটিআৰত চৰকাৰখনে কৰা উন্নয়ণৰ খতিয়ান দাঙি ধৰি এক সংবাদমেলৰ আয়োজন কৰে (Press meet in BTR )। সংবাদ মেলত বিগত দুটা বছৰত বিটিআৰ চৰকাৰে কি কি উন্নয়ণ কৰিলে তাৰ খতিয়ান দাঙি ধৰে কাৰ্যবাহী সদস্যগৰাকীয়ে ।

শিক্ষাৰ ক্ষেত্ৰত ছুপাৰ ৫০ লগতে দৰিদ্ৰ শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য প্ৰদান, দেশ স্বাধীনৰ পাচতো হৈ নুঠা ভূমি মেলাৰ লগতে মিছন বসুমতি আৰম্ভ কৰাৰ যোজা চলোৱা বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য উলছন হাছদাই কয় যে, অনছাই বিথাংখি আৰু জ্ঞান শ্ৰাং আঁচনিৰ লগতে ৫৭৫ কিলোমিটাৰ পথ পকীকৰণৰ লগতে বিটিআৰত আইএচপিএলৰ আয়োজন কৰা হৈছিল ।

সংবাদমেলখনত সৰ্বভাৰতীয় ফুটবলৰ সভাপতি উপস্থিত থাকি বড়োলেণ্ড ফুটবল দলটোক দল হিচাবে খেলাৰ অনুমতি দিয়ে । সন্তোষ ট্ৰফি ফুটবল বিটিআৰত অনুষ্ঠিত হ’ব বুলিও সংবাদমেলখনত জানিবলৈ দিয়ে । চাকৰিৰ ক্ষেত্ৰত ৮৫১ জন টেট শিক্ষক নিযুক্তিৰ লগতে বিভিন্ন পদবীত শিক্ষক নিযুক্তি আৰু অন্যান্য কৰ্মচাৰী নিযুক্তি দিয়াৰ তথ্য দাঙি ধৰে উলচন হাছদাই । বিটিআৰ চুক্তি ৰূপায়ণ সন্দৰ্ভতো দ্ৰুত গতিত কাম কৰি থকা বুলি জনায় উলচন হাছদাই ।

বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰত শান্তি স্থাপন হৈছে বুলি দাবী কৰি উলচন হাছদাই সংবাদ মেলখনত কয় যে সকলো উগ্ৰপন্থী সংগঠন মূল সুঁতিলৈ উভতি আহিছে যদিও বিগত সময়ত এটা চক্ৰই সদায়ে পুনৰ উগ্ৰপন্থী সংগঠন সৃষ্টিৰ বাবে চেষ্টা কৰি আহিছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ অৱশ্যে চৰকাৰে সেয়া কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছে বুলিও কয় উলচন হাছদাই ।

বৰ্ষপূৰ্তিৰ অনুষ্ঠানটোত জিলাখনৰ মূৰব্বী বিষয়াসকল, ইউ পি পি এল দলৰ নেতা আৰু শিক্ষাৰ্থী উপস্থিত থাকে ৷ অনুষ্ঠানটোৰ আঁত ধৰে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংথাং মুছাহাৰীয়ে ৷

লগতে পঢ়ক: Gold Chain Snatching: মহানগৰীত দিন দুপৰতে পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে চেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.