ETV Bharat / state

বিজনীত আমছুৰ শ্বহীদ দিৱস পালন

author img

By

Published : May 27, 2021, 2:02 PM IST

chirang-aamsu-swahid-divas-celebration
বিজনীত আমছুৰ শ্বহীদ দিৱস পালন

চিৰাঙৰ বিজনী চহৰৰ ভেটাগাঁও দেওকুৰা পাৰত বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৱে 40 সংখ্যক শ্বহীদ দিৱস পালন কৰে ৷

চিৰাং,27 মে’: চিৰাং জিলাৰ বিজনী চহৰৰ ভেটাগাঁও দেওকুৰা পাৰত বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৱে চল্লিশ সংখ্যক শ্বহীদ দিৱস পালন কৰে ৷ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন চলি থকাৰ সময়ত বিগত ১৯৮০ চনৰ ২৬ মে'ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত অসমৰ সংখ্যালঘুসকলক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক অধিকাৰ আৰু নাগৰিকত্ব আদি সমস্যা সমাধান কৰাৰ দাবী জনাই গণ আন্দোলন কৰিছিল ৷

বিজনীত আমছুৰ শ্বহীদ দিৱস পালন

এই আন্দোলনত বিজনীত আৰক্ষীৰ গুলীত ১১ গৰাকী সংখ্যালঘু আন্দোলনকাৰী নিহত হৈছিল । একেদৰে লেংটিছিঙাতো নিহত হৈছিল দুজন । এই ঘটনাৰ পাছৰ পৰা আমছুৱে বিজনীৰ দেওকুৰা পাৰত প্ৰতি বছৰে পালন কৰি আহিছে শ্বহীদ দিৱস ৷ সেয়েহে বুধবাৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছতে দেওকুৰা শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা শ্বহীদ দিৱসত অংশ লৈ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বিগত চল্লিছ বছৰ পূৰ্বে সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে জনাই অহা দাবী আজিও চৰকাৰসমূহে পূৰণ কৰিব পৰা নাই । ৰাজনৈতিক দলসমূহে সংখ্যালঘুসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । ইয়াৰ লগতে নেতাজনে বিগত কালছোৱাত শ্বহীদ পৰিয়ালে ন্যায় নোপোৱাৰ লগতে ক্ষতিপূৰণ নোপোৱা বুলিও অভিযোগ কৰে ৷ তেওঁ সংখ্যালঘুসকলৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.