ETV Bharat / state

Constituency Delimitation 2023 : মূল্যবৃদ্ধিৰ কাৰণে প্ৰতিদিনে চৰকাৰী খাদ্য খায় প্ৰমোদ বড়োৱে- হাগ্ৰামা মহিলাৰী

author img

By

Published : Jul 5, 2023, 8:14 PM IST

BPF Dharna in Chirang for Constituency Delimitation 2023
মূল্যবৃদ্ধিৰ কাৰণে প্ৰতিদিনে বিটিচি সচিবালয়ত চৰকাৰী খাদ্য খাই প্ৰমোদ বড়োৱে- হাগ্ৰামা মহিলাৰী

"প্ৰমোদ বড়ো চেপ্টা ( কৃপণ) মানুহ ৷ তেওঁ টকা খৰচ কৰি খাদ্য সামগ্ৰী নিকিনে । বিটিচি সচিবালয়তে ফাইভ ষ্টাৰ পাকঘৰ বনাই চৰকাৰী খৰচত প্ৰতিদিনে চৰকাৰী খাদ্য খায় প্ৰমোদ বড়োৱে" - হাগ্ৰামা মহিলাৰী

মূল্যবৃদ্ধিৰ কাৰণে প্ৰতিদিনে বিটিচি সচিবালয়ত চৰকাৰী খাদ্য খাই প্ৰমোদ বড়োৱে- হাগ্ৰামা মহিলাৰী

চিৰাং, 5 জুলাই : "যোৱা 1 জুলাইৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছো, আগন্তুক 7 জুলাইলৈকে এই ধৰ্ণা কাৰ্যসূচী অব্যাহত থাকিব ৷ আমাৰ ধৰ্ণাৰ প্ৰধান উদ্দেশ্য হৈছে আমাক ওদালগুৰি হিচাপে এটা লোকসভা সমষ্টি লাগে ৷ 2003 চনৰ 10 ফেব্ৰুৱাৰীত হৈ যোৱা বিটিচি চুক্তিত স্পষ্টকৈ উল্লেখ কৰা আছিল যে যেতিয়া অসমত নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব তেতিয়া দুখনকৈ লোকসভাৰ সমষ্টি বৃদ্ধি কৰা হ’ব ৷ সেই হিচাপে 2007 চনত চনত প্ৰকাশ হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিৰ নাম প্ৰকাশ হৈছিল ৷ কিন্তু যোৱা 20 জুনত প্ৰকাশ হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ওদালগুৰি সমষ্টিৰ নাম প্ৰকাশ নহ’ল ৷ সেয়ে আমাৰ কোৱাৰ অধিকাৰ আছে, আমাৰ বিচৰাৰ অধিকাৰ আছে ৷" এই মন্তব্য প্ৰকাশ কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

বুধবাৰে ওদালগুৰি লোকসভা সমষ্টি গঠন কৰা আৰু প্ৰস্তাৱিত 19 নং চিদলী-চিৰাং বিধানসভা সমষ্টিত অধিক এলেকা সামৰি লোৱাৰ দাবী উত্থাপন কৰি চিৰাঙৰ কাজলগাঁৱত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিপিএফ দলে তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে মহিলাৰীয়ে কয় যে, খচৰা প্ৰকাশৰ দিনা ইউপিপিএলে বোমা ফুটাই পাৰ্টিহে কৰিছিল ৷ এবছু আৰু ইউপিপিএলে 6 টা সমষ্টিয়েই দৰঙৰ লগত থাকিব লাগে বুলিহে কৈ থৈ আহিছে ৷

আনহাতে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক উদ্দেশ্যি কয় যে, প্ৰমোদ বড়ো চেপ্টা ( কৃপণ) মানুহ ৷ তেওঁ টকা খৰচ কৰি খাদ্য সামগ্ৰী নিকিনে । বিটিচি সচিবালয়তে ফাইভ ষ্টাৰ পাকঘৰ বনাই চৰকাৰী খৰচত প্ৰতিদিনে চৰকাৰী খাদ্য খায় প্ৰমোদ বড়োৱে ৷

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠন হোৱা বিটিচিৰ ভৱিষ্যতৰ স্বাৰ্থত সকলো দল সংগঠনক সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে । বিপিএফ দলৰ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বিটিচিৰ প্ৰাক্তন প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ লগতে বিপিএফ দলৰ বিধায়ক, এমচিএলএ আৰু দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: BPF Protest : ওদালগুৰি সমষ্টিৰ দাবীত BPF ৰ ধৰ্ণা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.