ETV Bharat / state

গাঁওৰক্ষী বাহিনীৰ সম্পাদকক ৫ হাজাৰকৈ মাননী দিয়াৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 8:26 PM IST

Chirang Dist VDP awareness meeting
চিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা

Awareness Meeting: কাজলগাঁও থানাত চিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা সম্পন্ন (VDP awareness meeting in Kajalgaon)। উক্ত সভাত অসম গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰে গাঁওৰক্ষীৰ সমস্য়া সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

চিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ সজাগতা সভা

চিৰাং, ২৪ ডিচেম্বৰ: আজি চিৰাং জিলাৰ সদৰ কাজলগাঁও থানাত চিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ এখন সজাগতা সভা অনুষ্ঠিত হয় । এই সজাগতা সভাত উপস্থিত থাকে অসম গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰ । চিৰাং জিলাৰ প্ৰতিখন থানাৰ অধীনত থকা গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদক তথা চিঅ'ডিডিঅ' সকল উপস্থিত থকা সভাত বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ সুবিধা-অসুবিধা, অভাৱ-অভিযোগ সন্দৰ্ভত বিতং আলোচনা কৰা হয় । তদুপৰি কিদৰে গাঁওৰক্ষী বাহিনী সমূহে কাম কৰিব লাগিব সেই সন্দৰ্ভতো বিভিন্নজনে বক্তব্য় আগবঢ়ায় ।

ইপিনে, চিৰাং জিলা গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰক চাৰিদফীয়া দাবীৰে স্মাৰক প্ৰদান কৰে । তেওঁলোকে গাঁওৰক্ষী বাহিনীৰ বকেয়া ধন মোকলাই দিয়াৰ দাবী জনায় । প্ৰতিমাহে গাঁওৰক্ষী বাহিনীৰ ধন মোকলাই দিয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক সকলক অতি কমেও ৫ হাজাৰকৈ মাহিলী মাননী দিয়াৰ দাবী জনায় ।

সভাত গাঁওৰক্ষী বাহিনীয়ে নিশা পহৰা দিয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰতি বছৰে যোগান ধৰাৰ দাবী উত্থাপন কৰে বক্তাসকলে । গাঁওৰক্ষী বাহিনী সমূহে নিজৰ গাঁওখনৰ আইন-শৃঙ্খলা ৰক্ষা কৰাৰ লগতে আৰক্ষী থানা সমূহক সহযোগিতা আগবঢ়াই আহিছে যদিও গাঁওৰক্ষী বাহিনীৰ অভাৱ অভিযোগ পূৰণ কৰাত অসম চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । কিন্ত তাৰ পিচতো অসম চৰকাৰে এইক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই বুলি একাংশ বক্তাই ক্ষোভ উজাৰে ।

গাঁওৰক্ষী বাহিনীৰ সম্পাদক সকলে যিদৰে দিনে-নিশাই কাম কৰিবলগীয়া হয় সেই অনুপাতে মাননী দিয়া নহয় বুলি উল্লেখ কৰি একাংশ বক্তাই কয় যে এনে কাৰণতে গাঁওৰক্ষী বাহিনী সমুহেও দায়িত্ব পালনত হেমাহি কৰা পৰিলক্ষিত হয় । আজি চিৰাং জিলাৰ গাঁওৰক্ষী বাহিনীৰ সভাতেই অসম গাঁওৰক্ষী বাহিনীৰ মুখ্য উপদেষ্টা ৰঞ্জিত মজুমদাৰে সমস্য়া সমাধানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে । অসম চৰকাৰৰ সৈতে আলোচনা ক্ৰমে অভাৱ অভিযোগ সমূহ দুৰ কৰাৰ চেষ্টা কৰিব বুলি জনায় ।

লগতে পঢ়ক:গুলীবিদ্ধ শদিয়াৰ তিনি যুৱকৰ সৈতে আলফা স্বাধীনৰ নাই কোনো সম্পৰ্ক : আলফা(স্বা)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.