ETV Bharat / state

Encroachment at Orang National Park: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে'ৰ পৰা চলিব উচ্ছেদ অভিযান

author img

By

Published : May 26, 2023, 7:21 PM IST

Encroachment at Orang National Park
Encroachment at Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে'ৰ পৰা চলিব উচ্ছেদ অভিযান ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত ১২ খন সৰু-বৰ চৰত চলিব এই উচ্ছেদ অভিযান । দলগাঁও বিধায়ক মজিবুৰ ৰহমানে আদৰণি জনাইছে চৰকাৰৰ পদক্ষেপক (Encroachment at Orang National Park)৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২৯ মে'ৰ পৰা চলিব উচ্ছেদ অভিযান

দৰং, ২৬ মে’: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে জিলা প্ৰশাসন (Orang National Park will be evicted) ৷ অসম চৰকাৰৰ ২ বছৰীয়া কাৰ্যকলাপৰ সম্পূৰ্ণৰ পিচতে মুখ্যমন্ত্ৰী শৰ্মাৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই সিদ্ধান্ত অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ(Orang National Park) শোণিতপুৰৰ অন্তৰ্গত বৰচলা সমষ্টিৰ প্ৰায় ২১ হাজাৰ বেদখলীকৃত ভূমিত কৰা হ’ব এই উচ্ছেদ অভিযান (Encroachment at Orang National Park ) ।

জিলা প্ৰশাসনৰ পৰা জনোৱা অনুসৰি ২৯ মে' আৰু ৩০ মে’ত চলোৱা হ’ব এই উচ্ছেদ অভিযান ৷ অৱশ্য়ে প্ৰয়োজন হ’লে ৩১ মে'তো এই উচ্ছেদ অভিযান চলোৱা হ’ব ৷ জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত ১২ খন সৰু-বৰ চৰত চলিব এই উচ্ছেদ অভিযান । ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হ’বলগীয়া উচ্ছেদক লৈ দৰঙৰ আয়ুক্ত মুনিন্দ্ৰ নাথ নাঙতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ ভূমিহীন উচ্ছেদিত লোকক মৰিগাঁৱত ভূমি দি সংস্থাপন দিয়া কথা জানিবলৈ দিয়ে ৷

আয়ুক্ত নাঙতে লগতে জানিবলৈ দিয়া মতে, ইয়াৰে বেছিভাগ লোকৰ নিজা মাটি আছে ৷ তেওঁলোকে খেতি কৰিবলৈ আহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া চৰত থিতাপি লৈছিল ৷ কিন্তু উচ্ছেদ অভিযানৰ কথা জানিব পাৰি তিনি-চাৰি দিনৰ পৰা এই লোকসকলে নিজৰ নিজৰ ঘৰ ভাঙি নিজ-নিজ গাঁৱলৈ ঢাপলি মেলিছে ৷ প্ৰশাসনৰ তৰফৰ পৰা এইক্ষেত্ৰত তেওঁলোকক নাও দি সহায় কৰা হৈছে ৷

ইফালে এই উচ্ছেদক লৈ দলগাঁও বিধায়ক মজিবুৰ ৰহমানেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ চৰকাৰৰ পদক্ষেপক আদৰণি জনাই প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে ভাল কাম কৰিছে দেখুৱাইছে বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয়, "প্ৰথমে সংস্থাপন পাচত উচ্ছেদৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ ৷ AIUDF আৰু AAMSU ৰ হেঁচাত চৰকাৰে উচ্ছেদৰ আগতে সংস্থাপন দিয়াৰ সিদ্ধান্ত লৈছে ৷"

তেওঁ লগতে কয়, গৰুখুটি পৰা উচ্ছেদিত লোকক আৰিমাৰী আৰু শ্যামপুৰত সংস্থাপন দিয়া হৈছিল ৷ কিন্তু তেওঁলোকক কোনো ধৰণৰ সুবিধা দিয়া হোৱা নাছিল ৷ AIUDF আৰু AAMSU ৰ হেঁচাত চৰকাৰে আৰিমাৰী আৰু শ্যামপুৰত সংস্থাপন দিয়া লোকসকলৰ মাজত ৰাস্তা-ঘাট আৰু অন্যান্য সুবিধা দিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Encroachment at Orang National Park: অচিৰেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.