Encroachment at Orang National Park: অচিৰেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ

author img

By

Published : May 25, 2023, 9:45 PM IST

Orang National Park will be evicted shortly

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২১ হাজাৰ ভূমি বেদখলৰ কৱলত আছে (Encroachment at Orang National Park) ৷ সেয়ে শীঘ্ৰে শোণিতপুৰ জিলা প্ৰশাসনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২১ হাজাৰ ভূমিত চলাব উচ্ছেদ অভিযান (Encroached land in Orang National Park to be evicted) ৷

তেজপুৰ, ২৫ মে’ : অচিৰেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বেদখলকাৰীৰ বিৰুদ্ধে শোণিতপুৰ জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান (Orang National Park will be evicted shortly) ৷ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা আৰম্ভ কৰিছে প্ৰস্তুতি ৷ তথ্য অনুসৰি, অসম চৰকাৰৰ ২ বছৰীয়া কাৰ্যকলাপৰ সম্পূৰ্ণৰ পিচতে মুখ্যমন্ত্ৰী শৰ্মাৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

সেই সিদ্ধান্ত অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শোণিতপুৰৰ অন্তৰ্গত বৰচলা সমষ্টিৰ প্ৰায় ২১ হাজাৰ বেদখলীকৃত ভূমিত কৰা হ’ব এই উচ্ছেদ অভিযান । অচিৰেই এই উচ্ছেদিত লোকসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা জাননী জাৰি কৰাৰ সম্ভাৱনা আছে ৷ জিলা প্ৰশাসনৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা ৷

উল্লেখ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন মুঠ ৮৯ বৰ্গ কিলোমিটাৰ এলেকাত দৰং আৰু শোণিতপুৰ দুয়োখন জিলাৰ মাজতে আছে । ১৮৫ চনত সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষণা হোৱাৰ পিচত ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাবে স্বীকৃতি লাভ কৰা বনাঞ্চলখনত বৰ্তমান ২১ হাজাৰ ভূমি বেদখলৰ কৱলত পৰিছে (Encroachment at Orang National Park) ।

মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰিছিল যে, বুঢ়াচাপৰি আৰু ওৰাং অভয়াৰণ্যত উচ্ছেদ চলোৱাৰ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুঢ়াচাপৰি হৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান লৈ বন্য জীৱ-জন্তুৰ অহা যোৱা কৰা ঠাই (Animal Corridor) ৷ সেইবাবে এই ঠাইসমূহ জীৱ-জন্তুৰ বাবে মুকলি কৰা হৈছে । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুবোৰে শোণিতপুৰৰ দক্ষিণ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষেৰে বিভিন্ন ঠাইত বিচৰণ কৰে । গঁড়, হাতী, ঢেকীয়াপতীয়া বাঘ বহু সময়ত শোণিতপুৰৰ বৰচলা, ঢেকীয়াজুলি অঞ্চলত বিচৰণ কৰা দেখিবলৈ পোৱা যায় ।

উল্লেখযোগ্য যে, বিগত ২৫ জানুৱাৰীত তেজপুৰ বিধান সভাৰ অন্তৰ্গত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত অবৈধভাৱে বাস কৰা লোকক প্ৰথমে জাননী জাৰি কৰিছিল ৷ তাৰ পাচত শোণিতপুৰ জিলা প্ৰশাসনে উক্ত অঞ্চলত উচ্ছেদ অভিযান চলায় ৷ তেনেদৰে ১৪ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় (Eviction at Burhachapari) ৷

ইফালে তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান বিগত ২৫ জানুৱাৰীত অবৈধভাৱে বাস কৰা লোকক প্ৰথমে জাননী জাৰি কৰিছিল শোণিতপুৰ জিলা প্ৰশাসনে । তাৰ পাচত উচ্ছেদ অভিযানৰ বাবে প্ৰয়োগ হৈছিল আৰক্ষী, বনবিভাগ, চি আৰ পি এফ বাহিনী । এই উচ্ছেদ ৰাজ্যৰ সকলোতকৈ বৃহৎ উচ্ছেদ অভিযান বুলিও অভিহিত হৈছিল ।

প্ৰথম দিনা শোণিতপুৰ জিলা প্ৰশাসন বন বিভাগৰ যৌথ অভিযানত ৬৬২ হেক্টৰ বেদখল ভূমি উচ্ছেদ কৰে । ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ উচ্ছেদ অভিযান হিচাবে চিহ্নিত হোৱা বুঢ়াচাপৰিৰ উচ্ছেদত মুঠ ১৭০০ আৰক্ষী, সুৰক্ষা বাহিনীৰ লোক শোণিতপুৰ জিলা প্ৰশাসনৰ উপস্থিত বুঢ়াচাপৰিত প্ৰায় ১৮৯২ হেক্টৰ বেদখল ভূমিত ২৫১৩ টা ঘৰৰ ১১,৬১০ জন লোক উচ্ছেদ হয় ৷

তাৰ পাচত দ্বিতীয় দিনা পাঁচ ঠাইত লাঠিমাৰী, গণেশ টাপু, বাঘে টাপু, গুলিৰপাৰ আৰু ছিয়ালিত উচ্ছেদ কৰা হয় । বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল তেজপুৰ বিধানসভা খণ্ডৰ শোণিতপুৰ জিলাত অৱস্থিত । লংকে তাপো আৰু বেটনি চাপৰি আৰু কমালাগড় চলিল উচ্ছেদ । এই উচ্ছেদ অভিযানত প্ৰথম দিনা লংকে তাপু, বেটনি আৰু কমালাগড়ত ৬৮২ হেক্টৰ ভূমি (৫১৩০ বিঘা) উচ্ছেদ হয় ।

লংকে তাপুত ৬৩০ হেক্টৰ ভূমি ৫৬৩ টা ঘৰ আৰু ২৪৪৪ জন লোক আৰু বেটনিত ৭৬ টা ঘৰ আৰু ৩০৪ টা পৰিয়াল আৰু কমলাগড়ত ৫২ ঘৰ উচ্ছেদ কৰা হৈছিল ৷

লগতে পঢ়ক : Assam CM on Eviction: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২১ হাজাৰ ভূমিত চলিব উচ্ছেদ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.