ETV Bharat / state

নামতোলা আৰক্ষীৰ বিৰুদ্ধে সোণাৰীত গাঁওৰক্ষী বাহিনীৰ প্ৰতিবাদ

author img

By

Published : Feb 8, 2022, 1:27 PM IST

village-guards-protest-against-police-at-sonari
নামতোলা আৰক্ষীৰ বিৰুদ্ধে সোণাৰীত গাঁওৰক্ষী বাহিনীৰ প্ৰতিবাদ

চৰাইদেউ সোণাৰীত আৰক্ষীৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰীৰ মিতিৰালি অভিযোগ ৷ সোণাৰিত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ৷ গাঁওৰক্ষী বাহিনীৰ সদস্যই উত্তাল কৰিলে নামতোলা আৰক্ষী থানা (Village Guards protest at Namtola) ৷

মৰাণ, 8 ফেব্ৰুৱাৰী : ড্ৰাগছ সৰবৰাহৰ ঘটনা ৰাজ্যবাসীৰ বাবে কোনো নতুন কথা নহয় ৷ প্ৰায়েই ৰাজ্যত সংঘটিত হৈ আহিছে ড্ৰাগছৰ লগত জড়িত ইটোৰ পিছত সিটো নতুন ঘটনা ৷ ঠায়ে ঠায়ে একাংশ সৰবৰাহকাৰীয়ে দিনে নিশাই অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা যাৰ ফলত নব প্ৰজন্মৰ একাংশই ড্ৰাগছৰ বাবে ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷

সেয়ে এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে ৰাজ্যৰ আৰক্ষী বিভাগ ৷ ইফালে উজনি অসমৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা এতিয়া দিনক দিনে কুখ্যাত ড্ৰাগছৰ ঘাটিলৈ পৰিণত হোৱাৰ দিশলৈ গতি কৰিছে ৷ কিয়নো অঞ্চলটোত এতিয়া আটক হৈছে ইজনৰ পিছত সিজনকৈ ড্ৰাগছ ব্যৱসায়ী ৷

নামতোলা আৰক্ষীৰ বিৰুদ্ধে সোণাৰীত গাঁওৰক্ষী বাহিনীৰ প্ৰতিবাদ

অসম-নগালেণ্ড সীমান্তৰ নামতোলাত দীৰ্ঘদিন ধৰি অব্যাহত থকা ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে দেওবাৰে নামতোলা আৰক্ষীয়ে আটক কৰে পাঁচজনকৈ সৰবৰাহকাৰীক(Drug peddler aressted by Namtola Police)। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে নিশাই নামতোলা আৰক্ষীয়ে মুকলি কৰি দিয়ে আটকাধীন আটাইকেইজন ড্ৰাগছ সৰবৰাহকাৰীক । যাৰ ফলত এতিয়া নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তই উক্ত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বৰ্তমান এই সন্দৰ্ভত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া অমিতাভ বসুমতাৰীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰেশ দত্তই এৰি দিয়া লোককেইজনক পুনৰ আটক কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ত্ৰিনাথ পৰিদাক ড্ৰাগছসহ আটক কৰা পাছত আৰক্ষীৰ ওচৰত দিয়া স্বীকাৰোক্তি অনুসৰি আটক কৰা হৈছিল পাঁচজন সৰবৰাহকাৰী ।

যাৰ ফলত, সোমবাৰে নামতোলাৰ গাওঁৰক্ষী বাহিনীৰ সদস্য সকলে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে (Village Guards protest at Namtola)নামতোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তৰ বিৰুদ্ধে থানাৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে(Village Guards protest against Police at Sonari) । লগতে প্ৰতিবাদকাৰীসকলে ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ অভিযোগো উত্থাপন কৰে গাওঁৰক্ষী বাহিনীয়ে ৷

লগতে পঢ়ক : Panchayat member as drugs dealer: ড্ৰাগছ ব্যৱসায়ীৰ ৰূপত এইবাৰ পঞ্চায়তৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.