ETV Bharat / state

Sankardev Sangha Controversy : আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘই

author img

By

Published : Oct 31, 2022, 9:53 PM IST

Updated : Oct 31, 2022, 10:29 PM IST

Sankardev Sangha Controversy
আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘই

আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ নেতৃত্বই । সোণাৰিৰ সোণাৰি আৱৰ্ত ভৱনত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুদ্ধদ্বাৰ বৈঠকত ক্ষমা বিচাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই (Srimanta Sankaradeva Sangha)।

ডিব্ৰুগড়, 31 অক্টোবৰ : অৱশেষত টাইপাৰ দাবীত সেও মানিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই । আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ নেতৃত্বই (Sankaradeva Sangha apology)। সোণাৰিৰ সোণাৰি আৱৰ্ত ভৱনত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰুদ্ধদ্বাৰ বৈঠকত ক্ষমা বিচাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই (Srimanta Sankaradeva Sangha)।

বহু বিতৰ্কৰ অন্তত দেওবাৰে টাই আহোম যুৱ পৰিষদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷ দেওবাৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ(sankardeva Sangha Padadhikar), যুটীয়া সম্পাদক ড৹ দুৰ্লভ পাঠক, সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱাৰ ওপৰিও দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই অংশগ্ৰহণ কৰে এক বৈঠকত ।

আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘই

এই বৈঠকৰ পাছতে আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘই । কোনো জাতি-জনগোষ্ঠীৰ ওপৰত শংকৰদেৱ সংঘৰ বিদ্বেষ ভাৱ নাই বুলি কৈ শংকৰদেৱ সংঘৰ প্ৰতিটো কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে মৰিয়নীত আহোমৰ পৰম্পৰাৰে অনুষ্ঠিত হোৱা বিবাহ খাবলৈ গৈ সংঘৰ পৰা বহিষ্কাৰ হোৱা ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল টাইপাই (Tai Ahom Yuva Parishad)।

উল্লেখ্য যে, সাপেখাতীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ ৷ উক্ত সমাৰোহৰ অনুষ্ঠিত হোৱাৰ মাজতে ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল টাই আহোম যুৱ পৰিষদে (TAYPA Charaideo district bandh)৷ টাইপাৰ বন্ধ আহ্বানৰ পাছতেই দেওবাৰে বৈঠক অনুষ্ঠিত কৰি সংঘৰ সিদ্ধান্তৰ বাবে টাই আহোম যুৱ পৰিষদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি সংঘক সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় ৷

সংবাদেমেলখনৰ জৰিয়তে শংকৰদেৱ সংঘৰ নেতৃত্বই কয় যে, মৰিয়নিত সংঘটিত ঘটনাটো অবাঞ্চিত আৰু তাৰ বাবে শংকৰদেৱ সংঘই দুখ প্ৰকাশ কৰিছে ৷ এনেধৰণৰ ঘটনা যাতে ভৱিষ্যতে পুনৰাবৃত্তি নহয় তাৰ বাবে সংঘই চকু ৰাখিব ৷

লগতে পঢ়ক : APSC CCE 2020 : ভুৱা EWS প্ৰমাণপত্ৰৰ জৰিয়তে লোকসেৱা আয়োগৰ চাকৰি লাভ !

Last Updated :Oct 31, 2022, 10:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.