ETV Bharat / state

চৰকাৰে ঢোল কোবোৱা সোণাৰিৰ উন্নয়নৰ ছবিখন কিছু সুকীয়া

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:16 PM IST

Pathetic road condition at sonari
বিধ্বস্ত পথ আৰু দলং আজিও নিৰ্মাণ নহ’ল

Pathetic road condition: ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা সোণাৰিৰ ট্ৰলি আলিৰ বিধ্বস্ত পথ আৰু দলং আজিও নিৰ্মাণ নহ’ল ৷ কেনেদৰে যে দৈনিক জীৱন পাৰ কৰিছে স্থানীয় ৰাইজে সেয়া কল্পনাৰো অগোচৰ !

বিধ্বস্ত পথ আৰু দলং আজিও নিৰ্মাণ নহ’ল

ডিব্ৰুগড়, 20 ডিচেম্বৰ : এখন ঠেলা পাৰ নহয় দলংখনেৰে ! সিমানেই বহল দলংখন ৷ কি আচৰিত, তাৰ পিচতো চৰকাৰে চিঞৰি চিঞৰি কৈছে গাঁও অঞ্চলসমূহত হৈছে উন্নয়ন ৷ চৰকাৰৰ মিছা কথাবোৰ গিলিয়েই ৰাইজে জৰাজীৰ্ণ পথ আৰু বিপদসংকুল দলঙেৰে যাতায়ত কৰিব আছে ৷ এই জৰাজীৰ্ণ পথ আৰু দলঙেই উদঙাই দেখুৱাইছে উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷

ৰাজ্যৰ চৌদিশে এতিয়া চলিছে উন্নয়নৰ ৰঙীণ বিজ্ঞাপন । ৰাজ্যখনৰ পৰা সমস্যা প্ৰায় নাইকিয়াই হৈছে বুলি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়ক সকলোৰে মুখে মুখে । দেশৰ পাঁচখন উন্নয়ন ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এখনৰ পাচত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । তেনে সময়তে চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিত জৰাজীৰ্ণ পথ আৰু বিপদসংকুল দলঙেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে ।

ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা সোণাৰিৰ ট্ৰলি আলিৰ বিধ্বস্ত পথ আৰু দলং আজিও নিৰ্মাণ নহ’ল । জানিব পৰা অনুসৰি, ট্ৰলি চলাচলৰ বাবে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা হৈছিল পথটো । দীৰ্ঘদিন ধৰি পুনৰ নিৰ্মাণ নকৰাত অতি ব্যস্ততাপূৰ্ণ পথটো জৰাজীৰ্ণ হৈ পৰিছে । সোণাৰিৰ ভজো পঞ্চায়তৰ অন্তৰ্গত ৰতনপুৰত আছে এই "ট্ৰলি আলি" । ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা এই পথটোত থকা দলংখনেৰে নিতৌ কেইবাখনো গাঁৱৰ লোক, ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হয় । কিন্তু আজি পৰ্যন্ত এই দলংখন পুনৰ নিৰ্মাণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে একাংশই ।

প্ৰতিদিনে এই দলংখনত দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও দলংখন নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জনপ্ৰতিনিধিসকলে । বৰ্তমানৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে পঞ্চায়তৰ কৰ্তৃপক্ষক কেইবাবাৰো ৰাইজে জৰাজীৰ্ণ পথটোৰ কথা অৱগত কৰিছে যদিও আজি পৰ্যন্ত বিধায়কগৰাকীয়ে ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা সোণাৰিৰ ট্ৰলি আলিৰ বিধ্বস্ত পথ আৰু দলংখন নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কেতিয়া ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ ব্যৱস্থা ল’ব সেইয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : Pathetic road condition at Amguri:আমগুৰিত যাতায়াতৰ নামত যমৰ-যাতনা ভুগিছে গ্ৰামাঞ্চলৰ ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.