ETV Bharat / state

হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...

author img

By

Published : Oct 30, 2021, 7:44 AM IST

হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...
হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...

হঠাতে হুৱাদুৱা লাগিল চৰাইদেউৰ সোণাৰি আৰক্ষী চকীত ৷ ভূমিকম্পৰ ফলত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিল আৰক্ষী ৷ প্ৰকৃততে কি হৈছিল আৰক্ষী চকীখনত ?

মৰাণ, 30 অক্টোবৰ : বৃহস্পতিবাৰে আকস্মিকভাৱে হুৱাদুৱা লাগিল সোণাৰি আৰক্ষী চকীত ৷ ৮.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন হ'ল সোণাৰি থানাত ৷ পৰিস্থিতি বিষম দেখি ততালিকে খবৰ দিয়া হ’ল NDRF বাহিনীক ৷ এই খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হ’ল ইটানগৰস্থিত 12 NDRF ৰ এটা বৃহৎ দল ৷ তৎপৰতাৰে থানাত চলিল উদ্ধাৰ অভিযান ৷ অৱশেষত ঘটনাস্থলীত আৱদ্ধ হৈ পৰাসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল NDRF বাহিনীৰ এটা দলে ৷

হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...
হঠাৎ কিহৰ হুৱাদুৱা সোণাৰি আৰক্ষী চকীত...

ঘটনাৰ আৰম্ভণিতো দেখি আপুনি ভাবিছে চাগে ইমান ডাঙৰ ভূমিকম্প অকল কি সোণাৰি থানাতহে হৈছিল নেকি ? ওচৰ চুবুৰীয়া অঞ্চলত ইয়াৰ কোনো প্ৰভাৱ নপৰিল নেকি বুলি ৷ কিন্তু প্ৰকৃততে ঘটনাৰ কাৰণ অন্য কিবাহে ৷ আচলতে কোনো ধৰণৰ ভূমিকম্প অথবা অন্য কিবা একোৱে সংঘটিত হোৱা নাছিল সোণাৰি থানাত ৷ ইয়াৰ পৰিৱৰ্তে থানাখনত চলিছিল ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা অনুষ্ঠিত ম'ক ড্ৰীল কাৰ্যসূচী ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰস্থিত 12 NDRF বাহিনীৰ এটা দলে থানাখনত চলাইছিল এই কাৰ্যসূচী ৷

হঠাৎ হুৱাদুৱা লাগিল চৰাইদেউৰ সোণাৰি আৰক্ষী চকীত
চৰাইদেউ থানাত ম’ক ড্ৰীল কাৰ্যসূচী

ভূমিকম্প আহিলে আতংকিত হোৱাৰ সলনি কিদৰে সাৱধানতা অৱলম্বন কৰি জীৱন ৰক্ষা কৰিব পাৰি, তাৰ প্ৰশিক্ষণ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰদান কৰা হয় ৷ ম’ক ড্ৰীল কাৰ্যসূচীৰ জৰিয়তে NDRF বাহিনীয়ে কেনেদৰে জৰুৰীকালীন বা আপাতকালীন পৰিস্থিতিত উদ্ধাৰ অভিযান চলাই, সেই সন্দৰ্ভত জনসাধাৰণক অৱগত কৰা হয় ৷

লগতে চাওক: বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.