ETV Bharat / state

বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

author img

By

Published : Oct 29, 2021, 10:36 PM IST

বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ ৷ শেহতীয়াকৈ একাংশ লোকে সামাজিক মাধ্যমত কিছু অশ্লীল মন্তব্য কৰা দেখা গৈছিল ৷

gyanashree-borahs-fir-against-bjp-it-cell
বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

মৰাণ, 29 অক্টোবৰ : শেহতীয়াকৈ একাংশ লোকে সামাজিক মাধ্যমত ৰাইজৰ দলৰ মুখপাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰা সন্দৰ্ভত কিছু অশ্লীল মন্তব্য কৰা দেখা গৈছিল ৷ এই সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে ডিমৌ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিলে । বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে তেওঁ দাখিল কৰিলে এই এজাহাৰ ।

বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জ্ঞানশ্ৰীয়ে কয় যে, এই ঘটনাই সকলো নাৰী সমাজক লজ্জানত কৰিছে । এই ঘটনাই প্ৰমাণ কৰিছে অসমত নাৰী কিমান সুৰক্ষিত । এনে ঘটনাৰ লগত জড়িত সকলক কেতিয়াও ক্ষমা কৰা প্ৰয়োজন নাই । এই সন্দৰ্ভত অসম আৰক্ষীক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে ।

উল্লেখ্য যে, বিজেপি IT চেলৰ কৰ্মী এজনে জ্ঞানশ্ৰী বৰাৰ ফটো ব্যৱহাৰ কৰি অশ্লীল ভাষাৰে সামাজিক মাধ্যম ফেচবুকত লিখাৰ পাছতে ৰাজ্য যুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । ইয়াৰ পাছতে জ্ঞানশ্ৰী বৰাই এজাহাৰ দাখিল কৰিছে যদিও বিজেপি IT চেলৰ কৰ্মীৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইয়া সময়ত হে গম পোৱা যাব ।

লগতে পঢ়ক : একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি পালে ইন্ধনৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.