ETV Bharat / state

কদৰ্যময় পৰিৱেশঃ ভজো ৰেল ষ্টেচনত নাই কোনো জিৰণিকোঠা, নাই শৌচালয়..

author img

By

Published : Apr 8, 2021, 10:14 PM IST

ভজো ৰেল ষ্টেচনত নাই কোনো জিৰণিকোঠা, নাই শৌচালয়..
ভজো ৰেল ষ্টেচনত নাই কোনো জিৰণিকোঠা, নাই শৌচালয়..

অসাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান । মোডীৰ এই স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি যেন বুঢ়া আঙুলি প্ৰদৰ্শন কৰিছে একাংশ সমাজ বিৰোধী লোকে । তাৰেই প্ৰমাণ চৰাইদেউ জিলাৰ ভজো ৰেল ষ্টেচন । তাৰ পিছতো কাণসাৰ নাই ৰেল ষ্টেচন কৰ্তৃপক্ষৰ ।

মৰাণ, ৮ এপ্ৰিল: যি সময়ত দেশৰ ৰেল খণ্ডৰ সামগ্ৰেক দিশ উন্নতিৰ দিশে আগবাঢ়িছে সেই সময়তে একাংশ ৰেল ষ্টেচন এতিয়াও পূৰ্বৰ অৱস্থাতেই থকা পৰিলক্ষিত হৈছে । উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তিনচুকীয়া সংমণ্ডলৰ এটা অন্যতম ৰেল ষ্টেচন হ'ল ভজো ৰেল ষ্টেচন । চৰাইদেউ জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ আহৰণ হয় এই ষ্টেচনটোৰ পৰা । কিন্তু ষ্টেচনটোৰ কদৰ্যময় পৰিৱেশে যাত্ৰীসকলক অসন্তুষ্ট কৰাৰ লগতে ষ্টেচনটোত এক অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে । চুবুৰীয়া ৰাজ্য নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অসমৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰপৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত্বৰ এই গুৰুত্বপূৰ্ণ ৰেল ষ্টেচনৰ উন্নয়নৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাই ৰেল কৰ্তৃপক্ষৰ ।

কদৰ্যময় পৰিৱেশঃ ভজো ৰেল ষ্টেচনত নাই কোনো জিৰণিকোঠা, নাই শৌচালয়..

বিশেষকৈ যাত্ৰীৰ বাবে সুবিধাজনকভাৱে নাই জিৰণিকোঠা, নাই শৌচালয় । যাত্ৰীবাহী স্থানীয় ৰেলকেইখনৰ লগতে দূৰণিবটীয়া ইণ্টাৰচিটি এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, কামাখ্যা এক্সপ্ৰেছ আৰু ব্ৰহ্মপুত্ৰ মেইলত দৈনিক সহস্ৰাধিক যাত্ৰী এই ষ্টেচনটোৰ পৰা অহা-যোৱা কৰে যদিও কিন্তু আজিলৈকে উন্নয়ন নহ'ল এই ষ্টেচনটোৰ । আনহাতে ষ্টেচনটোৰ কদৰ্যময় পৰিৱেশত অসন্তুষ্ট হৈ বিভিন্ন জন যাত্ৰীয়ে অভিযোগ দাখিল কৰি আহিছে যদিও আজিলৈকে চাফাই কৰিবলৈ আহৰি নাই ৰেল ষ্টেচন কৰ্তৃপক্ষৰ । কিমান দিন চলিব এনেদৰে? কেতিয়া উন্নয়ন হ'ব ভজো ৰেল ষ্টেচনৰ? এই বিষয়ে কিব ব্যৱস্থা গ্ৰহণ কৰিব ৰেল কৰ্তৃপক্ষই । তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে সমূহ যাত্ৰী ।

লগতে পঢ়ক: নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.