ETV Bharat / state

Assam municipal election results 2022:চৰাইদেউত শেষ হাঁহি মাৰিলে বিজেপিয়ে

author img

By

Published : Mar 9, 2022, 9:29 PM IST

Assam municipal election results
চৰাইদেউত শেষ হাঁহি মাৰিলে বিজেপিয়ে

চৰাইদেউ জিলাৰ দুয়োখন পৌৰসভাতে জয় লাভ বিজেপিৰ (BJP wins both municipal board in Charaideo)। মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ১০ টাতে বিজেপি মিত্ৰজোঁটৰ জয় লাভ । সোণাৰিৰ ১৬ টা ৱাৰ্ডৰ ১৫ টাতে বিজেপি মিত্ৰজোঁটৰ জয় । একপ্ৰকাৰ বিৰোধী শূন্য হ'ল চৰাইদেউৰ পৌৰসভা ।

মৰাণ,৯ মাৰ্চ : ঘোষণা হ'ল অসমৰ পৌৰসভা নিৰ্বাচনৰ ফলাফল (Assam municipal election results 2022)। ইতিমধ্যে ৰাজ্যৰ প্ৰায়বোৰ পৌৰসভাই দখল কৰিছে বিজেপিয়ে । চৰাইদেউ জিলাৰ সোণাৰি আৰু মৰাণ পৌৰসভাও বিজেপিয়ে দখল কৰে (BJP wins both municipal board in Charaideo)। দুয়োখন পৌৰসভাৰ ২৭ টা ৱাৰ্ডৰ ২৫ টা ৱাৰ্ডতে বিজেপি জয়ী হয় ।

চৰাইদেউত শেষ হাঁহি মাৰিলে বিজেপিয়ে

আনহাতে মাত্ৰ এটা ৱাৰ্ডত নিৰ্দলীয় আৰু আন এটা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয় । সোণাৰিৰ ১৬ টা ৱাৰ্ডৰ ১৫ টাত বিজেপি মিত্ৰজোঁট জয়ী হয় । ১ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয় ।

আনহাতে মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ১০ টাত বিজেপি মিত্ৰজোঁট আৰু ৮ নং ৱাৰ্ডটো কংগ্ৰেছৰ দখললৈ যায় । বিজেপি এনে সফলতাক লৈ এতিয়া নেতা-কৰ্মীসকলৰ মাজত ব্যাপক আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ।

বিৰোধীক ধৰাশায়ী কৰি চৰাইদেউত বিজেপিয়ে বিজয় উৎসৱ পালন কৰাও দেখা গ'ল । ইফালে বিজেপি মিত্ৰজোঁটৰ এনে ফলাফলক লৈ সন্তুষ্ট সাংসদ তপন কুমাৰ গগৈ । আগন্তুক দিনত চৰাইদেউ জিলাৰ দুয়োখন পৌৰসভাতে ব্যাপক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক :Assam Municipal Election Results : শোণিতপুৰত বিজেপিৰ দখলত চাৰিখন পৌৰসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.