ETV Bharat / state

Governor at Charaideo maidam: পাঠ্যক্ৰমত চৰাইদেউ মৈদামৰ বিষয়ে অন্তৰ্ভুক্ত কৰাৰ আহ্বান ৰাজ্যপাল কাটাৰিয়াৰ

author img

By

Published : Apr 26, 2023, 10:48 PM IST

charaideo maidam
চৰাইদেউ মৈদাম স্থলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল

ৰাজ্যপালৰ দায়িত্ব লৈ আজি চৰাইদেউ মৈদামস্থলী পৰিদৰ্শন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৷ চৰাইদেউ মৈদামৰ অতীত জানি অভিভূত হৈ পৰে অসমৰ ৰাজ্যপাল ৷ পাঠ্যক্ৰমত এই চৰাইদেউ মৈদামৰ বিষয়ে অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনালে ৰাজ্যপাল গৰাকীয়ে (Gulab Chand Kataria visits charaideo maidam) ৷

চৰাইদেউ মৈদাম স্থলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল

ডিব্ৰুগড়, 26 এপ্ৰিল : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ প্ৰাক মুহূৰ্তত ঐতিহাসিক চৰাইদেউ মৈদাম স্থলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া । পত্নীসহ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আহোম ৰাজত্বৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউ মৈদাম স্থলীত উপস্থিত হৈ মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উপৰিও পুৰাত্বত্ত বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত মত বিনিময় কৰে ।

ইফালে চৰাইদেউ মৈদাম স্থলীক বিশ্বৰ বুকুত জিলিকাবৰ বাবে মৈদাম প্ৰাংগণত বিভিন্ন দেশৰ ভাষা জ্ঞান থকা লোকক জড়িত কৰাবলৈ পৰামৰ্শ আগবঢ়াই ৰাজ্যপাল গৰাকীয়ে । এনে কৰিলে বিদেশী পৰ্যটকক সহজে আকৰ্ষণ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে ৰাজ্যপাল গৰাকীয়ে । লগতে পাঠ্যক্ৰমত চৰাইদেউ মৈদামৰ বিষয়ে অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনালে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰৰ (Gulab Chand Kataria on charaideo maidam) ।

উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে চৰাইদেউ মৈদাম । ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই । পৰৱৰ্তী সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব । এই সন্দৰ্ভত ইউনেস্ক’ৰ তৰফৰ পৰা ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ (all about charaideo maidam) ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন । ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্ক’লৈ প্ৰেৰণ কৰাৰ পাছতেই কেইবাবাৰো কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধানে পৰিদৰ্শন কৰে ঐতিহাসিক চৰাইদেউ মৈডাম ক্ষেত্ৰ । এতিয়া চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশত আগবাঢ়ি যোৱাৰ সময়তে ৰাজ্যপাল গৰাকীৰ এই পৰিদৰ্শনে অধিক গুৰুত্ব লাভ কৰিছে (Assam governor Gulab Chand Kataria) ।

লগতে পঢ়ক : Government school of Assam: ভাৰাতীয়া শিক্ষকেৰে চলা বিদ্যালয়তে গুণোৎসৱত পালে A+ গ্ৰেড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.