ETV Bharat / state

সোণাৰিত পাঁচ যুৱকৰ কামনাৰ বলি হ’ল যুৱতী

author img

By

Published : Sep 9, 2022, 9:48 PM IST

Rape case at Sonari
সোণাৰিত পাঁচ যুৱকৰ কামনাৰ বলি হ’ল যুৱতী

পাঁচ যুৱকৰ বলি হ’ল এগৰাকী যুৱতী (Gang rape at Sonari) ৷ বায়েকৰ ঘৰলৈ গৈ থকাৰ পথতে এই জঘন্য ঘটনা সংঘটিত হয় (girl rapped by 5 youth)৷

সোণাৰি, 9 ছেপ্টেম্বৰ: ৰাজ্যত পুনৰ মানৱতাক লজ্জিত কৰা জঘন্য ঘটনা সংঘটিত হৈছে ৷ পাঁচ যুৱকৰ বলি হ’ল এগৰাকী যুৱতী (Gang rape at Sonari)৷ চৰাইদেউ জিলাৰ সোণাৰিত হৈছে সংঘটিত হৈছে ভয়ংকৰ ঘটনা (Crime case at Charaideou)৷ সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক চাহ বাগিচাত নিশা উদ্ধাৰ কৰে এগৰাকী যুৱতীক (girl rapped by 5 youth)৷

ঘটনা অনুসৰি টিংগালীবাম চাহ বাগিচাৰ যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে লাহদৈগড়স্থিত বায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল (Rape case at Sonari)৷ পথতে যুৱতীগৰাকীক পাঁচ যুৱকে খেদি লৈ যায় ৷ অৱশেষত যুৱক কেইজনে যুৱতীগৰাকীক বাগিচাৰ ভিতৰলৈ লৈ গৈ দলবদ্ধভাৱে ধৰ্ষণ কৰি পেলাই থৈ সেই ঠাইৰ পৰা পলায়ন কৰে ৷

নিশা প্ৰায় 10.30 মান বজাত গাঁৱৰ লোকে যুৱতীগৰাকীক চাহ বাগিচাৰ মাজত উদ্ধাৰ কৰে ৷ লোকসকলে সোধ পোছ কৰাত যুৱতীগৰাকীয়ে পাঁচ যুৱকে অপকৰ্ম কৰা বুলি অৱগত কৰে ৷ যুৱতীগৰাকীৰ কথা শুনি লগে লগে গাঁৱৰ লোকে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

সোণাৰিৰ নামতোলা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত নামতোলা আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে ৷ শুকুৰবাৰে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত পাঁচ যুৱকক আটক কৰিবলৈ সক্ষম হয় নামতোলা আৰক্ষীয়ে (Namtola police arrested 5 accused)৷

সোণাৰিত পাঁচ যুৱকৰ কামনাৰ বলি হ’ল যুৱতী

আটকাধীন যুৱককেইজন হ'ল গোপাল মূড়া, প্লানটুকা ওৰাং, সোণটো গগৈ, লেড়িয়া সৰকাৰ আৰু নিৰ্মল এক্কা ৷ ইতিমধ্যে আৰক্ষীয়ে পাঁচ অভিযুক্তক আটক কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নামতোলা আৰক্ষীয়ে ৷ সম্প্ৰতি যুৱতীগৰাকীৰ ঘৰৰ লোকৰ সৈতে কথা পাতি তেওঁক ঘৰলৈ পঠাবলৈ যো-জা কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: অন্ধ্ৰপ্ৰদেশত নৃশংস হত্যাকাণ্ড, হত্যাকাৰীয়ে কাটি নিলে অসমৰ যুৱকৰ দেহৰ অংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.