5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 3, 2022, 5:04 PM IST

TOP 10 AT 5 PM

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

নীতিশ কুমাৰৰ দুৰ্গত মাৰঘাট: মণিপুৰত গেৰুৱা হ’ল জেডিইউৰ পাঁচ বিধায়ক

উত্তৰ-পূৱত নীতিশ কুমাৰৰ মুখথেকেছা (Big jolt for Nitish Kumar)৷ নীতিশ কুমাৰৰ জেডিইউৰ সৈতে বিজেপিৰ সম্পর্কত ফাট মেলাৰ পিছতে এইবাৰ মণিপুৰৰ ৰাজনৈতিক পটভূমিত আউল লগা পৰিলক্ষিত হৈছে ৷ উত্তৰ-পূৱৰ নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউনাইটেড)ৰ মণিপুৰৰ সাতজন বিধায়কৰ ভিতৰত পাঁচজনে বিজেপিৰ যোগদান কৰে (5 JDU MLA joined in BJP)৷

আলফাত যোগদান সন্দৰ্ভত ৰাজ্যত কেইবা ঠাইতো NIA ৰ অভিযান

আলফাত যোগদান গোচৰৰ সন্দৰ্ভত অসমৰ সাতখন জিলাৰ ১৬ টা স্থানত তালাচী চলায় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (NIA search operation in Assam) ।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা খেলুৱৈয়ে পাব চৰকাৰী চাকৰি (Govt job to national game medallists)৷ এপ্ৰিলত আহিব নতুন ক্ৰীড়া নীতি(New sport policy) ৷ চৰকাৰী চাকৰিত খেলুৱৈসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । চন্দ্ৰপুৰত আৰু যোৰহাটত হ'ব ক্ৰীড়া কমপ্লেক্স । ৫০ কোটি টকা ব্যয় সাপেক্ষে হ'ব জিলা ষ্টেডিয়াম ।

মহানগৰীত কণ-কণ শিশুৰ সৈতে মুখ্যমন্ত্ৰীৰ ভাৱ বিনিময়

মামাক ওচৰৰ পৰা চাবলৈ ভাগিন-ভাগিনীৰ হেতা-ওপৰা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতখন চুই চাবলৈ হেতা-ওপৰা কণ কণ ভাগিন-ভাগিনীৰ (Himanta Biswa Sarma with children in Guwahati) ৷ মোমায়েক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে- ‘‘আগতে গম পোৱাহেতেন তহঁতৰ বাবে চকলেট লৈ আহিলোহেতেন । গৈ থাকোঁ, আকৌ আহিম’’৷

লখিমপুৰকে ধৰি ৰাজ্যৰ চাৰিখন চিকিৎসালয়ত সামুহিকভাৱে ৰক্ত পৃথকীকৰণ কেন্দ্র উদ্বোধন

অহা দুমাহৰ ভিতৰত ধেমাজিকে ধৰি ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হ’ব । লখিমপুৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালসহ ৰাজ্যৰ চাৰিখন চিকিৎসালয়ত সামুহিকভাৱে ৰক্ত উপাদান পৃথকীকৰণ কেন্দ্র উদ্বোধন কৰি স্বাস্থ্য মন্ত্রী মহন্তই এইদৰে ঘোষণা কৰে(Blood Component Separation Center in Assam)।

অংকিতা দত্তলৈ অন্যায়ভাৱে চমন জাৰি কৰাৰ অভিযোগ যুৱ কংগ্ৰেছৰ

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী অংকিতা দত্তলৈ সাৰদা গোচৰত অন্যায়ভাৱে চি বি আইয়ে চমন জাৰি কৰাৰ অভিযোগ যুৱ কংগ্ৰেছৰ(CBI summons to Youth Congress chief Ankita Dutta) ৷ যুৱনেত্ৰীগৰাকীৰ জনপ্ৰিয়তাত বিজেপি দল তথা চৰকাৰ শংকিত হোৱাৰ দাবী যুৱ কংগ্ৰেছৰ ৷

অৰুণাচলৰ পৰ্বতাৰোহী তাপী মিৰাৰ সন্ধানত সেনাৰ অভিযান

পূব কামেঙৰ Kangtsang ত পৰ্বত আৰোহী তাপী মিৰাৰ সন্ধানত সেনাৰ দল উপস্থিত । অভিযানৰ বাবে 4 খন হেলিকপ্টাৰ সাজু । প্ৰচণ্ড বৰষুণ আৰু শীতৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত (Tapi Mira rescue operation) ।

Gool blast case: জব্বৰ অৰণ্যৰ পৰা উদ্ধাৰ দুটাকৈ গ্ৰেনেড

ভাৰতৰ গুল অঞ্চলৰ জব্বৰ অৰণ্যৰ পৰা জম্মু-কাশ্মীৰৰ ৰামবান আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটাকৈ গ্ৰেনেড (Two grenades recovered from Jabbar forests of the Gool area) ৷ গুল বিস্ফোৰণ কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী শোকেত আলী লাইৱালৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান ৷

সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ আৰম্ভণি

নলবাৰীত সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায় (All Assam Based Bhaven Baruah Childrens Drama) ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হৈছে এই নাট প্ৰতিযোগিতা ৷

5 ঘণ্টাৰ জেৰাত 50ৰো অধিক প্ৰশ্নত ব্যতিব্যস্ত হৈ পৰিল নোৰা ফাতেহী

ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ ধন দাবীৰ গোচৰত দীৰ্ঘদিন ধৰি দিল্লী আৰক্ষীৰ ইকনমিক অফেন্সছ ৱিং (Economic offences wing)য়ে সোধা-পোছা কৰি আহিছে অভিনেত্ৰী নোৰা ফাতেহীক । এতিয়া 12 ছেপ্টেম্বৰত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজকো এই গোচৰত সোধা-পোছা কৰা হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.