আলফাত যোগদান সন্দৰ্ভত ৰাজ্যত কেইবা ঠাইতো NIA ৰ অভিযান

author img

By

Published : Sep 3, 2022, 11:41 AM IST

NIA

আলফাত যোগদান গোচৰৰ সন্দৰ্ভত অসমৰ সাতখন জিলাৰ ১৬ টা স্থানত তালাচী চলায় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (NIA search operation in Assam) ।

নেচনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ : শেহতীয়াভাৱে ৰাজ্যত বৃদ্ধি পাইছে যুৱক-যুৱতীসকলৰ আলফাত যোগদানৰ প্ৰৱণতা (Assam youth to ULFA) । বিশেষকৈ উজনি অসম তথা মধ্য আৰু নামনি অসমৰো কেইবাখনো জিলাৰ পৰা বহুকেইগৰাকী যুৱক-যুৱতীয়ে আলফাত নতুনকৈ যোগদানৰ বিষয়টোত সন্ত্ৰস্ত হৈ পৰিছে ৰাজ্যিক তথা কেন্দ্ৰীয় গৃহ বিভাগ (concern about ULFA recruitment) ।

লগতে সৰ্বসাধাৰণৰ মাজতো যুৱক-যুৱতীসকল আলফাত যোগদানৰ বাবে আকৰ্ষিত হোৱা কথাটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ মাজতে ইতিমধ্যে কেইবাগৰাকীও যুৱক-যুৱতীয়ে আলফাত যোগদান কৰাৰ বিপৰীতে বহুকেইগৰাকী অসম আৰক্ষী তথা চোৰাংচোৱাৰ হাতত ধৰা পৰিছে (Youth arrested supporting ULFA) । আনহাতে, একাংশ যুৱক-যুৱতীয়ে আকৌ সামাজিক মাধ্যমত আলফাৰ নীতি-আদৰ্শ তথা কৰ্মক মুকলি সমৰ্থন জনাইছে (Social media post about ULFA) । তাৰে মাজৰ কেইবাগৰাকীও যুৱক-যুৱতী আৰক্ষীৰ জালত পৰাৰ লগতে ৰঙাঘৰৰ আলহী হ'বলগাও হৈছে ।

এই পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে অধিক সতৰ্ক হৈছে অসম আৰক্ষী তথা সংশ্লিষ্ট কৰ্তৃপক্ষ । তাৰেই অংশ হিচাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (NIA) শনিবাৰে আলফাত যোগদান গোচৰৰ সন্দৰ্ভত কামৰূপ, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, চৰাইদেউ আৰু শিৱসাগৰকে ধৰি অসমৰ সাতখন জিলাৰ ১৬ টা স্থানত তালাচী চলোৱা বুলি জনাইছে NIA ৰ এগৰাকী বিষয়াই (NIA searches at 16 locations in Assam) ।

উল্লেখ্য, উক্ত গোচৰ হৈছে আলফাত যুৱক-যুৱতীৰ যোগদান (recruitment of youth in ULFA), আলফাক শক্তিশালী কৰাৰ বাবে ধনদাবী (extortion of money for strengthening ULFA) আৰু যুৱক-যুৱতীসকলক আলফাই বেআইনী কাৰ্যকলাপৰ সৈতে জড়িত কৰোৱা সম্পৰ্কীয় ।

আনহাতে, যিসমূহ গোচৰৰ ভিত্তিত NIA ই এই তালাচী অভিযান চলাইছে তাৰে ভিতৰত উক্ত যুৱক-যুৱতীসকলে ম্যানমাৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সিপাৰে অৱস্থিত আলফাৰ শিবিৰসমূহত প্ৰশিক্ষণো গ্ৰহণ কৰাৰ অভিযোগ আছে । উল্লেখ্য, উক্ত এই গোচৰটো NIA ৰ দ্বাৰা স্বতন্ত্ৰভাৱে পঞ্জীয়ন কৰা হৈছিল (NIA registered suo motu case) ।

"আজি চলোৱা তালাচীৰ সময়ত ডিজিটেল সঁজুলি, সজীৱ গোলা-বাৰুদৰ লগতে আপত্তিজনক নথিপত্ৰ আৰু আলফা সম্পৰ্কীয় লিখিত তথ্যও জব্দ কৰা হৈছে (Seized live ammunition) ।" বিষয়াজনে লগতে কয় । বিষয়টো সন্দৰ্ভত অধিক তদন্ত চলি আছে ।

লগতে পঢ়ক :শোণিতপুৰৰ চিতলমাৰীত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.