ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

author img

By

Published : Sep 3, 2022, 3:35 PM IST

Govt job to national game medallists
ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ()

ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰা খেলুৱৈয়ে পাব চৰকাৰী চাকৰি (Govt job to national game medallists)৷ এপ্ৰিলত আহিব নতুন ক্ৰীড়া নীতি(New sport policy) ৷ চৰকাৰী চাকৰিত খেলুৱৈসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । চন্দ্ৰপুৰত আৰু যোৰহাটত হ'ব ক্ৰীড়া কমপ্লেক্স । ৫০ কোটি টকা ব্যয় সাপেক্ষে হ'ব জিলা ষ্টেডিয়াম । গুৱাহাটী আৰু যোৰহাটত হ'ব খেলৰ হাই পাৰফৰ্মেন্স চেণ্টাৰ । সৰুসজাই আৰু আমিনগাঁৱত ২৫০ গৰ‍াকীকৈ খেলুৱৈ থাকিব পৰাকৈ নিৰ্মাণ কৰা হ'ব ক্ৰীড়া গ্ৰাম । থলুৱা খেলসমূহৰ উত্তৰণত বিশেষ গুৰুত্ব মুখ্যমন্ত্ৰীৰ ।

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়াত(National Games of India 2022) পদক লাভ কৰা অসমৰ খেলুৱৈসকলে শিক্ষাগত অৰ্হতাৰ ভিত্তিত লাভ কৰিব চৰকাৰী চাকৰি । এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

শনিবাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন(Abhiruchi Sports Day) উপলক্ষ্যে জনতা ভৱনত আয়োজন কৰা ক্ৰীড়া পেঞ্চন দিৱস(Sports Pension Day) উদয‍াপন অনুষ্ঠ‍নাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ক্ৰীড়াক কেৰিয়াৰ হিচাবে ল'ব পৰ‍াৰ বাবেই চৰকাৰে এনে উদ্যোগ গ্ৰহণ কৰিছে বুলি তেওঁ কয় । এপ্ৰিল মাহত নতুন ক্ৰীড়‍ নীতি আনিব পৰা যাব বুলি সদৰী কৰি তেওঁ কয় যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত খেলুৱৈসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব (Reservation for sports person in Assam)।

ভাষণ প্ৰসংগত তেওঁ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আন কেতবোৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে ৰাজ্য চৰকাৰে এন চি চিৰ ওপৰত বিশেষ গুৰুত্ব দিছে । তেওঁ সকলো শিক্ষাৰ্থীকে এন চি চিত যোগদান কৰাৰ বাবে আহ্বান জনায় । এন চি চিয়ে নিয়মানুৱৰ্তিতা, শৃংখলাবোধৰ শিক্ষা দিয়ে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ ক্ৰীড়াৰ আন্তঃগাঁথনি মজবুত কৰাৰ প্ৰসংগত তেওঁ কয় যে সৰুসজাইৰ সমান্তৰালভাৱে চন্দ্ৰপুৰত হ'ব ক্ৰীড়া কমপ্লেক্স (Chandrapur Sports complex)৷

আনহাতে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ভূমিত কৰ‍া হ'ব আন এটা ক্ৰীড়া কমপ্লেক্স (Sport complex in Jorhat)। তিনিবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব । জিলা ষ্টেডিয়াম নথকা জিলাসমূহত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব জিলা ষ্টেডিয়াম । সেইদৰে বিধানসভাৰ প্ৰতিটো সমষ্টিত ১২ কোটি ব্যয় সাপেক্ষ্যে হ'ব ষ্টেডিয়‍াম । ইতিমধ্যে ৫২ খন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে আৰু ৭০ খনৰ কাম অক্টোবৰ মাহত আৰম্ভ হ'ব ।

তেওঁ লগতে কয় যে খেল' ইণ্ডিয়াৰ একোটা চেণ্টাৰ কৰা হ'ব(Khelo India Centre of Excellence in Assam)৷ ইতিমধ্যে কেন্দ্ৰই ৩০ টা কেন্দ্ৰ দিয়া বুলি তেওঁ সদৰি কৰে । অসম আৰক্ষীৰ অতিৰিক্ত ভূমিত খেলৰ আন্তঃগাঠনি নিৰ্মাণ কৰা হ'ব । য‍াতে অসম পুলিচৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনিব পাৰি । অসম পুলিচত ৫২০০ পদত নিযুক্তি হ'ব বুলি উল্লেখ কৰি ইয়াৰ মাজৰ পৰা ভাল খেলুৱৈ ওলাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

তেওঁ লগতে কয় যে গুৱাহাটী আৰু যোৰহাটত খেলৰ হাই পাৰফৰ্মেন্স চেণ্টাৰ কৰা হ'ব । ইয়াৰ বাবে ২২ কোটিকৈ টকা খৰচ কৰা হ'ব । আনহাতে সৰুসজাই আৰু আমিনগাঁৱত ২৫০ গৰ‍াকীকৈ খেলুৱৈ থাকিব পৰাকৈ ক্ৰীড়া গ্ৰাম নিৰ্মাণ কৰা হ'ব । লগতে থাকিব উৎকৃষ্ট ম‍ানৰ পুষ্টিকৰ খাদ্যৰ কেণ্টিন । সেইদৰে আমিনগাঁও আৰু চন্দ্ৰপুৰত বাহিৰৰ প্ৰশিক্ষক থকাৰ বাবে আৱাসগৃহ নিৰ্মাণ কৰা হ'ব ।

তেওঁ লগতে কয় যে খেলক জাতি গঠন আৰু চৰিত্ৰ গঠনৰ মাধ্যম হিচাবে ল'ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে খেলৰ লগত জড়িত হ'লে কোনেও মদ-ড্ৰাগছ আদি নাখায় । তেওঁ থলুৱা খেলসমূহৰ উত্তৰণত বিশেষ গুৰুত্ব আৰোপ কৰি ক্ৰীড়া সঞ্চালকালয় আৰু অসম অলিম্পিক সন্থাক অসম ভিত্তিত নাইবা উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত থলুৱা ক্ৰীড়াৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায় । প্ৰশিক্ষক আৰু ক্ৰীড়‍া সংগঠক সকলক সন্মান জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়ক: লখিমপুৰকে ধৰি ৰাজ্যৰ চাৰিখন চিকিৎসালয়ত সামুহিকভাৱে ৰক্ত পৃথকীকৰণ কেন্দ্র উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.