3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 27, 2022, 3:00 PM IST

top-10-at-3pm

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Bomb scare in Delhi IGI Airport : 'এইখন বিমানত বোমা আছে', দিল্লী বিমানবন্দৰত হাহাকাৰ

সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানত বোমা থকাৰ খবৰ পোৱা গৈছিল (Bomb scare in Delhi IGI Airport)। লগে লগে বিমানবন্দৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । স্পাইচজেটৰ এখন বিমানত বোমা থকাৰ খবৰ পোৱাৰ পাছতে সষ্টম হৈ পৰে বিমানবন্দৰ কৰ্তৃপক্ষ আৰু সুৰক্ষা কৰ্মী ।

Reliance Game Changer: ৰিলায়েন্সৰ 5 কোটিৰ বিশ্বজনীন স্বাস্থ্য বীমা আঁচনি

ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সৰ নতুন বছৰৰ উপহাৰ । যিহেতু সকলোৱে স্বাস্থ্য আৰু বিত্তীয় সুৰক্ষা বিচাৰে । তাৰ পৰিপ্ৰেক্ষিততে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সে আগবঢ়াইছে এক বিশ্বজনীন অফাৰ । একাধিক লাভালাভেৰে সমগ্ৰ বিশ্বতে বৈধ ৫ কোটি টকাৰ নতুন স্বাস্থ্য বীমা আঁচনি আনিছে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সে (5 Cr globally valid health cover from Reliance) । আনহাতে, কোৱাণ্ট আৰু এছবিআই মিউচুৱেল ফাণ্ডে বিপদাশংকামুক্ত আঁচনি উলিয়াইছে, যিয়ে চৰকাৰী চিকিউৰিটিত বিনিয়োগ কৰে আৰু সৰ্বাধিক বিত্তীয় সুৰক্ষা নিশ্চিত কৰে ।

AAMSU protest: কলগাছিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

বৰপেটা জিলাৰ কলগাছিয়াত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই (AAMSU protest at Kalgachia)। সোমবাৰে প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে (Assam CM effigy burn at Kalgachia)। বৰপেটা জিলা আমছুৰ অভিযোগ চৰকাৰে অমানৱীয়ভাৱে ভূমিহীন লোকক উচ্ছেদ কৰিছে । সোমবাৰে বাঘবৰত চলা উচ্ছেদ অভিযানৰ পাছতে ক্ষুব্ধ হৈ পৰিছে আমছু (Baghbar eviction)।

Mixer Blast Karnataka : কুৰিয়াৰত অহা মিক্সাৰ বিস্ফোৰণত হেৰুৱালে পাঁচ আঙুলি

কৰ্ণাটকৰ হাছানৰ এখন কুৰিয়াৰ দোকানত এটা মিক্সাৰ গ্ৰাইণ্ডাৰ বিস্ফোৰণ সংঘটিত হৈ দোকানখনৰ মালিকে তেওঁৰ সোঁহাতৰ পাঁচোটা আঙুলি হেৰুৱাবলগা হয় (Mixer blast at courier shop in Karnataka) । উল্লেখ্য, মিক্সাৰৰ ডেলিভাৰী পোৱা এজন ব্যক্তিয়ে দোকানখনলৈ আহি এটা মিক্সাৰ গ্ৰাইণ্ডাৰ ঘূৰাই দিয়ে । তেওঁ জনায় যে সেইটো ভুল ঠিকনালৈ প্ৰেৰণ কৰা হৈছে । মিক্সাৰটো ঘূৰাই লোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় ।

Old age home employee attack case : স্বত্বাধিকাৰীৰ প্ৰহাৰত আহত বৃদ্ধাশ্ৰমৰ দুই মহিলা কৰ্মচাৰী

মা কামাখ্যা নামৰ এখন বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰীৰ প্ৰহাৰত আহত হৈছে দুগৰাকী যুৱতী (Old age home owner attack employee in Guwahati) ৷ বৃদ্ধাশ্ৰমখনৰ কৰ্মচাৰী যুৱতী দুগৰাকী । তিনি বছৰ ধৰি বৃদ্ধাশ্ৰমত কৰ্মৰত হৈ আছে যুৱতী দুগৰাকী । যুৱতী দুগৰাকীয়ে জনোৱা মতে ৮ হাজাৰকৈ মাহিলী পাৰিশ্ৰমিক দিয়াৰ কথা আছিল তেওঁলোকক । কিন্তু অভিযোগ অনুসৰি নিজৰ প্ৰাপ্য বিচাৰিলেই স্বত্বাধিকাৰীয়ে তেওঁলোকক ভয় ভাবুকি দিয়ে (Maa Kamakhaya old age home incident)।

Sankardev Nam Dharma Samaj controversy : সভাপতি-সম্পাদকৰ বিৰুদ্ধে প্ৰতিবাদী সভা

শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধনৰ কেলেংকাৰীৰ অভিযোগ (Sankardev Nam Dharma Samaj scam)। কলিয়াবৰৰ চতিয়াল বৰ নামঘৰ প্ৰাংগনত কেলেংকাৰী সন্দৰ্ভত সভা । সভাত নগাঁও, জামুগুৰিহাট, যোৰহাট আদি ৬ খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰে ।

Unusual hailstones in Moran: অস্বাভাৱিক শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰিলে মৰাণ ৰাজ্যিক চিকিৎসালয়

নৱবৰ্ষৰ প্ৰাকক্ষণত সমগ্ৰ মৰাণ অঞ্চলত শিলাবৃষ্টি (hailstones in Moran)৷ পুৱতি নিশাৰ পৰা অস্বাভাৱিকভাৱে শিলাবৃষ্টি হোৱাৰ ফলত মৰাণৰ বিস্তৃত অঞ্চল হৈ পৰিছিল বৰফেৰে আবৃত । অৱশ্যে বহুতেই এই শিলাবৃষ্টিৰ আমেজ ল’লেও বতৰৰ এই পৰিৱৰ্তনে বহুতৰ অনিষ্ট সধা পৰিলক্ষিত হৈছে ৷ কৃষি পথাৰৰ লগতে বহু ঘৰৰো অনিষ্ট সাধন হোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে (Unusual hail damaged Maran State Hospital) ।

Barpeta acid attack : সৰ্থেবাৰীত এচিড আক্ৰমণৰ বলি কিশোৰী, অভিযুক্তক গ্ৰেপ্তাৰ

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা । এইবাৰে বৰপেটা জিলাৰ সৰ্থেবাৰীত কিশোৰীক এচিড আক্ৰমণ এজন যুৱকৰ (Barpeta acid attack case)। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাই বিপদ হ'ল কিশোৰীগৰাকীৰ । অভিযুক্ত যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মাজদিয়া আৰক্ষীয়ে ।

Cow loaded truck seized at Bihali: ঘাইপথতে গৰুভৰ্তি ট্ৰাক এৰি পলাল চালক

বিহালীৰ বৰগাঙত গৰু ভৰ্তি ট্ৰাক জব্দ (Cow loaded truck seized at Bihali) ৷ ১২ চকীয়া ট্ৰাকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২৪ টাকৈ বলধ গৰু ৷ নিশা প্ৰায় ১০ মান বজাত বিহালীৰ বৰগাং আৰক্ষীয়ে (Bargang police) ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা নাকা চেকিঙত চোৰাংকৈ সৰবৰাহ কৰা এখন গৰু ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ট্ৰাকখনৰ পৰা মুঠ ২৪ টাকৈ বলধ গৰু উদ্ধাৰ কৰা হয় ৷ অৱশ্যে ইয়াৰে এটা গৰু মৃত অবস্থাত উদ্ধাৰ হয় বুলি জানিবলৈ পৰা গৈছে ৷

Demand for teacher appointment : প্ৰধান শিক্ষকৰ অবিহনেই চলিছে গোৰেশ্বৰৰ এখন বিদ্যালয়

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ মান উন্নত কৰাৰ বাবে গুণোৎসৱ, একত্ৰিকৰণ আদি বিভিন্ন ধৰণৰ পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰিছে চৰকাৰে । কিন্তু ইয়াৰ পিছতো প্ৰধান শিক্ষক অবিহনেই চলিছে গোৰেশ্বৰৰ এখন বিদ্য়ালয় (School in Tamulpur running without Headmaster)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.