Cow loaded truck seized at Bihali: ঘাইপথতে গৰুভৰ্তি ট্ৰাক এৰি পলাল চালক

By

Published : Dec 27, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail
()

বিহালীৰ বৰগাঙত গৰু ভৰ্তি ট্ৰাক জব্দ (Cow loaded truck seized at Bihali) ৷ ১২ চকীয়া ট্ৰাকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ২৪ টাকৈ বলধ গৰু ৷ নিশা প্ৰায় ১০ মান বজাত বিহালীৰ বৰগাং আৰক্ষীয়ে (Bargang police) ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা নাকা চেকিঙত চোৰাংকৈ সৰবৰাহ কৰা এখন গৰু ভৰ্তি ১২ চকীয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ট্ৰাকখনৰ পৰা মুঠ ২৪ টাকৈ বলধ গৰু উদ্ধাৰ কৰা হয় ৷ অৱশ্যে ইয়াৰে এটা গৰু মৃত অবস্থাত উদ্ধাৰ হয় বুলি জানিবলৈ পৰা গৈছে ৷ জানিব পৰা মতে, NL 02 Q 7983 নম্বৰৰ গৰু ভৰ্তি ট্ৰাকখন গহপুৰৰ দিশৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল । কিন্তু বৰগাং আৰক্ষীৰ নাকা চেকিংৰ উমান পাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াতে ট্ৰাকখন ৰখাই চালকজনে পলায়ন কৰে । ইতিমধ্যে বৰগাং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে মৃত গৰুটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.