3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 25, 2022, 3:06 PM IST

top-10-at-3pm

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Christmas 2022 celebration: টীয়কৰ জাঁজীমুখৰ গীৰ্জাঘৰত উখল-মাখল পৰিৱেশ

আজি পবিত্ৰ বৰদিন(Christmas 2022) । বিশ্বৰ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোককলে উলহ মালহ উদযাপন কৰিছে পবিত্ৰ বৰদিন । ব্যতিক্ৰম নহয় টীয়কতো, টীয়কৰ ঐতিহাসিক জাঁজীমুখৰ প্ৰাকস্বাধীন কালতে প্ৰতিষ্ঠা হোৱা গীৰ্জা ঘৰত বৰদিন উদযাপন কৰিছে (Christmas celebration in Teok) । উল্লেখযোগ্য যে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতাত উক্ত গীৰ্জাঘৰত বৰদিন উদযাপন কৰা হৈছে ।

Tawang border clash : টাৱাং সীমান্ত সংঘৰ্ষক লৈ কি ক'লে চীনৰ বৈদেশিক মন্ত্ৰীয়ে ?

অৰুণাচলৰ টাৱাং সীমান্তত সংঘটিত ভাৰত আৰু চীনা সেনাৰ সংঘৰ্ষক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Tawang border clash)। ইয়াৰ মাজতে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিলে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে । সীমান্ত অঞ্চলৰ স্থিৰতা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ চীন প্ৰশাসন ।

New Year 2023 : সুৰা অবিহনে নৱবৰ্ষক আদৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

সমাগত ইংৰাজী নৱবৰ্ষ । ইতিমধ্যে নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী (New year preparation in Assam)। কিন্তু এইবাৰ সুৰা অবিহনে নৱবৰ্ষক আদৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰাইজক এই আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ (Assam CM request for new year celebration)। সুৰাপান কৰি বাহন নচলাবলৈও ৰাজ্যবাসীক অনুৰোধ জনালে মুখ্যমন্ত্ৰীক (Assam CM appeal not to drink and drive)।

Assam youth died: বেংগালুৰুত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু (Assam youth died )৷ শনিবাৰে নিশা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ প্ৰাঞ্জল দেউৰী নামৰ যুৱকজনৰ শোৱাপাটীতে মৃত্যু হয় (Assam youth died in Bengaluru)৷ বিগত তিনি বছৰ ধৰি বেংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল প্ৰাঞ্জল ৷ ভাড়াঘৰত শুই থকা অৱস্থাত পুৱা প্ৰাঞ্জল দেউৰী নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ মৃত যুৱকজনৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত ৷

Merry Christmas: 27 ফুট ওখ-60 ফুট বহল বিশাল ছাণ্টা ক্ল’জ প্ৰস্তুত বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ

আজি শুভ বৰদিন ৷ খ্ৰীষ্টমাছৰ প্ৰাকমুহূৰ্তত আন্তৰ্জাতিক বলুকা শিল্পী সুদৰ্শন পাটনায়কে (Sand Artist Sudarsan Pattnaik) ওড়িশাৰ সাগৰৰ তীৰত ছাণ্টা ক্ল’জৰ এক বিশাল বিলাহীৰ ভাস্কৰ্য প্ৰস্তুত কৰি উলিয়াইছে ৷ এই 'মেৰী খ্ৰীষ্টমাছ' শীৰ্ষক বিশেষ ভাস্কৰ্যটো প্ৰস্তুত কৰি উলিয়াবলৈ শিল্পীগৰাকীয়ে প্ৰায় 1500 কিলোগ্ৰাম বিলাহী ব্যৱহাৰ কৰিছিল (Santa Claus With 1500 Kg Tomatoes)৷ এই বিশাল ভাস্কৰ্যটো 27 ফুট ওখ, 60 ফুট বহল (Sudarsan Pattnaik Creates Sculpture Of Santa Claus)৷

Two hackers arrested by police : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ছুপাৰ হেকাৰ অৱশেষত আৰক্ষীৰ জালত

অৱশেষত আৰক্ষীৰ জালত পৰিল বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ছুপাৰ হেকাৰ (hackers arrested by police) ৷ ৰঙিয়াৰ পৰা নিয়ন্ত্ৰণ কৰি আছিল আন্তঃৰাষ্ট্ৰীয় জগত ৷ স্বস্তিৰ নিশ্বাস সৰ্বসাধাৰণৰ ৷

Good governance day : প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক সোঁৱৰণ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ

৯৮ সংখ্যক জন্ম জয়ন্তীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক দেশবাসীয়ে স্মৰণ কৰিছে (Atal Bihari Vajpayee birth anniversary)। বাজপেয়ীৰ সমাধিস্থলী 'সদেৱ অটল'ত ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁৰ জন্ম জয়ন্তীক দেশবাসীয়ে সুশাসন দিৱস হিচাপে পালন কৰিছে ।

Bike lifter arrested: জোনাইত চুৰি বাইকসহ গ্ৰেপ্তাৰ 3 দুৰ্ধৰ্ষ চোৰ

ধেমাজি জিলাৰ জোনাইত শনিবাৰে আৰক্ষীৰ জালত পৰিল ৩ বাইক চোৰ (Bike lifter arrested in Jonai)। আনহাতে,আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৫ খন চুৰি বাইক । উল্লেখ্য় যে সীমান্তৱৰ্তী জোনাই মহকুমাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ দিনৰ পৰাই বাইক চোৰে ৰাইজৰ লগতে আৰক্ষীৰ নিদ্ৰা হৰণ কৰি আহিছে ৷ এনে সময়তে শনিবাৰে বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে জোনাইৰ কেইবাঠাইতো চলোৱা অভিযানত ১ বুলেট, ১ খন স্কুটি, ৩ খন আন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Stolen bike recovered at Jonai)।

Car insurance scam: অসম তথা উত্তৰ-পূৱত অব্যাহত গাড়ীৰ বীমা কেলেংকাৰী

ৰাজ্যত হ্ৰাস পোৱা নাই গাড়ী সংক্ৰান্তীয় বীমা কেলেংকাৰী (Car insurance scam)৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰাৰ পাছত ৰুজু কৰা হৈছিল গোচৰ (Guwahati high court)। আদালতত শুনানিৰ পাছত কেলেংকাৰীৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অধীনত বিশেষ অনুসন্ধান গোট গঠন কৰি দিয়া হৈছিল যদিও সফল হ’ব পৰা নাই অসম আৰক্ষী ৷

Magazines recovered at Darbhanga Airport : বিমানবন্দৰৰ যাত্ৰীৰ বেগত উদ্ধাৰ মেগজিন আৰু কাৰ্টিজ

মেগজিন আৰু ৩ টা ৯ এমএমৰ সজীৱ কাৰ্টিজসহ গ্ৰেপ্তাৰ হৈছে এজন বিমান যাত্ৰী (Passenger Arrested at Darbhanga Airport)। সন্দেহজনক লোকজন মতিহাৰী জিলাৰ ঢাকাৰ কালামুদ্দিন । তেওঁৰ পৰা প্ৰেছ কাৰ্ডো উদ্ধাৰ । জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.