ETV Bharat / bharat

Tawang border clash : টাৱাং সীমান্ত সংঘৰ্ষক লৈ কি ক'লে চীনৰ বৈদেশিক মন্ত্ৰীয়ে ?

author img

By

Published : Dec 25, 2022, 2:08 PM IST

Wang Yi on Tawang conflict
টাৱাং সংঘৰ্ষক লৈ চীনৰ বৈদেশিক মন্ত্ৰীৰ প্ৰতিক্ৰিয়া

অৰুণাচলৰ টাৱাং সীমান্তত সংঘটিত ভাৰত আৰু চীনা সেনাৰ সংঘৰ্ষক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (Tawang border clash)। ইয়াৰ মাজতে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিলে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে । সীমান্ত অঞ্চলৰ স্থিৰতা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ চীন প্ৰশাসন ।

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : যোৱা ৯ ডিচেম্বৰত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সীমান্তত চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মুখামুখি সংঘৰ্ষৰ ঘটনা পোহৰলৈ আহিছিল (Tawang conflict)। এই ঘটনাৰ পাছতে সমগ্ৰ বিশ্বত তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে । ইতিমধ্যে চীনৰ কূটকৌশলক লৈ বিশ্বজুৰি চৰ্চা চলিছে ।

ইয়াৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে দেওবাৰে ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Chinese foreign minister Wang Yi)। মন্ত্ৰীগৰাকীয়ে কয় যে চীন আৰু ভাৰত উভয়েই সীমান্ত অঞ্চলৰ স্থিৰতা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ উল্লেখ কৰা মতে চীন আৰু ভাৰতে কূটনৈতিক আৰু সামৰিক মাধ্যমৰ জৰিয়তে যোগাযোগ বজাই ৰাখিছে । তেওঁ লগতে কয় যে চীন-ভাৰত সম্পৰ্কৰ স্থিৰ আৰু দৃঢ় বিকাশৰ দিশত ভাৰতৰ সৈতে কাম কৰিবলৈ সাজু আছে চীন প্ৰশাসন (Wang Yi reacts over Tawang conflict)।

ইফালে সংঘৰ্ষৰ পাছতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভাৰত আৰু চীনে ২০ ডিচেম্বৰত চীনৰ ফালৰ চুচুল-মোলডো সীমান্তত কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ ১৭ সংখ্যক বৈঠক অনুষ্ঠিত কৰিছে আৰু পশ্চিম খণ্ডৰ ভূমিত নিৰাপত্তা আৰু স্থিৰতা বজাই ৰাখিবলৈ সন্মত হৈছে ।

বিবৃতিটোত কোৱা হৈছে যে দুয়োপক্ষই পশ্চিম খণ্ডৰ ভূমিত নিৰাপত্তা আৰু স্থিৰতা বজাই ৰাখিবলৈ সন্মত হৈছে । আনহাতে ভাৰত আৰু চীনে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিবলৈ আৰু সামৰিক-কূটনৈতিক মাধ্যমৰ জৰিয়তে আলোচনা বজাই ৰাখিবলৈ আৰু বাকী থকা বিষয়বোৰৰ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধান অতি সোনকালে নিৰ্ধাৰণ কৰিবলৈ সন্মত হৈছে ।

উল্লেখ্য যে, টাৱাঙৰ ঘটনাৰ পাছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত এক বিবৃতি প্ৰদান কৰিছিল (Rajnath Singh statement on Tawang Conflict) । য'ত তেওঁ কৈছিল যে, ৯ ডিচেম্বৰত পিএলএ সৈন্যই টাৱাং খণ্ডত সীমা অতিক্ৰম কৰে । চীনা সেনাই একপক্ষীয়ভাৱে স্থিতাৱস্থা ভংগ কৰাৰ চেষ্টা চলাইছিল (PLA) । এই প্ৰচেষ্টা ৰুধিবলৈ ভাৰতৰ সৈনিকসকলে দৃঢ়তাৰে সন্মুখীন হৈছিল । সৈন্যসকলে সাহসেৰে পিএলএক ভাৰতৰ ভূমিত প্ৰৱেশ কৰাত বাধা দিছিল আৰু তেওঁলোকক তেওঁলোকৰ নিজৰ চকীলৈ ঘূৰি যাবলৈ বাধ্য কৰাইছিল ।

ইফালে প্ৰতিৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰা মতে, ১১ ডিচেম্বৰত এখন ফ্লেগ মিটিং (Flag meeting of Indian Army in Tawang) অনুষ্ঠিত হৈছিল আৰু তাত বিষয়টো আলোচনা কৰা হৈছিল । য'ত চীনা পক্ষক এনেধৰণৰ ঘটনা বন্ধ কৰিবলৈ কোৱা হৈছিল আৰু কূটনৈতিক পৰ্যায়তো বিষয়টো উত্থাপন কৰা হৈছিল ।

লগতে পঢ়ক : Tawang conflict: টাৱাং সংঘৰ্ষক লৈ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.