ETV Bharat / state

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

author img

By

Published : Nov 6, 2021, 10:50 PM IST

Updated : Nov 7, 2021, 8:13 AM IST

tension-in-assam-mizoram-border-again
কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা । সীমান্ত এলেকাৰ লইলাপুৰ খুলিছৰাত পোৱা গল এটা সজীৱ বোমা।

কাছাৰ, 6 নৱেম্বৰ : কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা । সীমান্ত এলেকাৰ লইলাপুৰ খুলিছৰাত উদ্ধাৰ হ’ল এটা সজীৱ বোমা । আৰক্ষীয়ে জনোৱা মতে এই বোমাটো হাতে নিৰ্মিত । বোমাটো উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ উদ্যোগত সীমান্তৰ এই এলেকাত এখন পকী দলঙৰ কাম চলি আছিল ৷

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

অইন দিনাৰ দৰে শনিবাৰেও যেতিয়া বনুৱা সকলৰ কাম আৰম্ভ হয়, তেতিয়াই সচৰাচৰ নেদেখা ধৰণৰ এটা বস্তু শ্ৰমিক সকলৰ দৃষ্টিগোচৰ হয় । ইয়াৰ পিছতে শ্ৰমিক সকলে ধলাই আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বস্তুটোক এটা হাতেৰে নিৰ্মাণ কৰা বোমা বুলি চিনাক্ত কৰে ৷

সম্প্ৰতি কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সহ আৰক্ষী বাহিনীৰ এটা দল ঘটনাস্থলীত সষ্টম হৈ আছে বুলি জানিব পৰা গৈছে ৷ কিন্তু, এই ঘটনাৰ অন্তৰালত কোন জড়িত হৈ আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : বৰপেটা আৰক্ষীৰ অভিযানত উদ্ধাৰ চোৰাংভাৱে সৰবৰাহ কৰা ২০ টাকৈ গৰু

Last Updated :Nov 7, 2021, 8:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.