ETV Bharat / state

Manipur crisis : নিয়ন্ত্ৰণহীন পৰিস্থিতি; কাছাৰত মণিপুৰৰ শৰণাৰ্থীৰ ভিৰ

author img

By

Published : May 5, 2023, 3:42 PM IST

Over 700 Manipur refugee take shelter in Cachar
কাছাৰত মণিপুৰৰ শৰণাৰ্থীৰ ভিৰ

মণিপুৰৰ পৰা অসমলৈ পলায়ন শ শ লোকৰ ৷ শুকুৰবাৰে পুৱা মণিপুৰৰ পৰা প্ৰায় 700 ৰ অধিক লোকে পলায়ন কৰি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ ইউনিয়ন হাইস্কুল আৰু মাৰ্কলিঙৰ মাৰ্কলিং গীৰ্জাত শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰিছেহি (Over 700 Manipur refugees take shelter in Cachar)৷

হাফলং, 5 মে’: মণিপুৰত অগ্নিগৰ্ভা পৰিস্থিতি ৷ হিংসাৰ দাবানলে দহিছে সমগ্ৰ মণিপুৰ। হিংসাজৰ্জৰ মণিপুৰৰ পৰা প্ৰাণ বচাবলৈ মণিপুৰ এৰি অসম মণিপুৰ সীমান্তৱৰ্তী জিৰী নৈ পাৰ হৈ বহু লোকে পলায়ন কৰি অসমত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে (Manipuri Refugee in Cachar)।

কাছাৰ প্ৰশাসন সূত্ৰৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা মণিপুৰৰ পৰা শ শ লোকে পলায়ন কৰি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাৰ ইউনিয়ন হাইস্কুল আৰু মাৰ্কলিঙৰ মাৰ্কলিং গীৰ্জাত আশ্ৰয় লৈছেহি ৷ কিন্তু সময় বাঢ়ি যোৱাৰ লগে লগে আশ্ৰয় লোৱা শৰণাৰ্থীসকলৰ সংখ্যাও বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে ৷ এতিয়ালৈকে প্ৰায় 700 ৰ অধিক লোকে মণিপুৰৰ নিজ ঘৰ এৰি পলায়ন কৰি কাছাৰ জিলাত আশ্ৰয় লৈছেহি (Over 700 Manipur refugees take shelter in Cachar) ৷

ইয়াৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে মণিপুৰৰ পৰা পলাই অহা শৰণাৰ্থীসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছে (Assam CM tweet on Manipuri refugee) ৷

মুখ্যমন্ত্ৰী নিৰ্দেশনাৰ পিচতে কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ মণিপুৰৰ পৰা অহা এই শৰণাৰ্থীসকলৰ বাবে চৰকাৰীভাৱে আশ্ৰয় শিবিৰ খোলাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহত্তাই লক্ষীপুৰ ইউনিয়ন হাইস্কুল মাৰ্কলিং গীৰ্জালৈ গৈ মণিপুৰৰ পৰা অহা শৰণাৰ্থীসকলৰ সৈতে কথা পাতি সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে ৷ কাছাৰ জিলা প্ৰশাসন সূত্ৰই সদৰী কৰা অনুসৰি আনাগত সময়ত কাছাৰত শৰণাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

ইফালে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেয়ে বাতিল কৰিছে মণিপুৰ অভিমুখী ৪ খন ৰে’ল (NFR cancels Manipur bound trains) ৷ উত্তৰ পূৱ ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’য়ে জনোৱা অনুসৰি মণিপুৰৰ বিভিন্ন ৰে’ল ষ্টেচন লৈ যোৱা 12097 AGTL-KGBP জনশতাব্দী ৰে’ল, 12098 ARCL-KGBP, 05659 SCL যাত্ৰীবাহী ৰে’ল আৰু 05660 VNGP-SCL যাত্ৰীবাহী ৰে’লকেইখন বাতিল কৰা হৈছে ৷

বৰ্তমান এই ৰে’লসমূহ অসমতে ৰখোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে উত্তৰ পূৱ ৰে’লৱে কৰ্তৃপক্ষই । পৰিস্থিতি উন্নত নোহোৱালৈকে মণিপুৰত কোনো ৰে’ল প্ৰৱেশ নকৰে (NFR Cancels Trains)।

লগতে পঢ়ক: NFR Cancels All Manipur Bound Trains : মণিপুৰলৈ যোৱা সকলো ৰে’লসেৱা বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.