ETV Bharat / state

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সমুখত উদ্ধাৰ মৃত নৱজাতক

author img

By

Published : Jul 5, 2021, 10:03 PM IST

dead-body-of-a-new-born-baby-found-in-silchar
ৰাজ্যত পুনৰ নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনা

সোমবাৰে, শিলচৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ চহৰখনৰ চিকিৎসা মহাবিদ্যালয়ৰ সম্মুখত কোনো অচিনাক্ত লোকে পেলাই থৈ গ’ল এটা নৱজাতকক ৷ পুৱা স্থানীয় ৰাইজে শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷

কাছাৰ , 5 জুলাই : সোমবাৰৰ দিনটোত শিলচৰ চহৰত শিলচৰ চিকিৎসা মহাবিদ্যালয়(Silchar medical college)ৰ সম্মুখত সংঘটিত হৈছে এক অমানৱীয় ঘটনা । সোমবাৰে, পুৱা এটা নৱ জাতকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য । পুৱাতে নৱ জাতকৰ মৃতদেহটো উদ্ধাৰ কৰি স্তম্ভিত হৈ পৰে ৰাইজে । পৰৱৰ্তী সময়ত ৰাইজে ঘুংগুৰ আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰে ।

ঘটনাৰ খবৰ পাই লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নৱ জাতকৰ মৃতদেহটো উদ্ধাৰ কৰি লৈ যায় ৷ অৱশ্য বৰ্তমানলৈকে মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ সম্প্ৰতি এই ঘটনাকলৈ মৃত নৱজাতকটোৰ সৈতে হোৱা অন্যায়ৰ ঘটনাক একে মুখে ধিক্কাৰ দিছে চহৰখনৰ সচেতন মহলে ৷ ৰাজ্যজুৰি প্ৰায়েই সংঘটিত হোৱা এনে কৰুণ ঘটনাই সমাজত মানৱীয়তাৰ অৱক্ষয় হোৱাকে সূচাই বুলিও মন্তব্য কৰিছে চহৰবাসী ৰাইজে ৷

লগতে পঢ়ক : SI বদ্ৰীয়ে ঘৰ বনাই দিয়াৰ কথা অস্বীকাৰ সৰস্বতীৰ মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.