ETV Bharat / state

বিতৰ্কমূলক ফেচবুক পোষ্টঃআদালতত হাজিৰ অধ্যাপক সৌৰদ্বীপ সেনগুপ্ত

author img

By

Published : Mar 1, 2020, 1:14 AM IST

Assam Teacher Arretsed for obejctionable FB post on PM after students file FIR
বিতৰ্কমূলক ফেচবুক প'ষ্ট : আদালতত হাজিৰ অধ্যাপক সৌৰদীপ সেনগুপ্ত

শিলচৰৰ গুৰুচৰণ কলেজৰ পদাৰ্থ বিজ্ঞানৰ অতিথি অধ্যাপক সৌৰদ্বীপ সেনগুপ্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 295 A, 153 A আৰু 507 নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷ ফেচবুকত হিন্দু সম্প্ৰদায়কলৈ বিতৰ্কমূলক পোষ্ট আপলোড কৰি গ্ৰেপ্তাৰ হৈছিল অধ্যাপক গৰাকী ৷

নেশ্যনেল ডেস্ক,29 ফেব্ৰুৱাৰীঃ শনিবাৰে আদালতত হাজিৰ কৰোৱা হয় ফেচবুকত হিন্দু সম্প্ৰদায়ক লৈ বিতৰ্কমূলক পোষ্ট আপলোড কৰি আটকাধীন অধ্যাপক সৌৰদ্বীপ সেনগুপ্তক ৷ শিলচৰৰ গুৰুচৰণ কলেজৰ পদাৰ্থ বিজ্ঞানৰ অতিথি অধ্যাপক সৌৰদ্বীপ সেনগুপ্তৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰয়ে ৷ উক্ত এজাহাৰৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল অধ্যাপক গৰাকীক ৷

Assam Teacher Arretsed for obejctionable FB post on PM after students file FIR
বিতৰ্কমূলক ফেচবুক প'ষ্ট

এজাহাৰত ছাত্ৰসকলে অভিযোগ কৰে এনেদৰে,"অধ্যাপকগৰাকীয়ে বিগত কেইবামাহ ধৰি ভাৰতীয় সনাতন ধৰ্ম,হিন্দু বিশ্বাসৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি অপমানজনক মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অধ্যাপক গৰাকীয়ে গণ হত্যাকাৰী বুলিয়ো মন্তব্য দিয়ে"৷

Assam Teacher Arretsed for obejctionable FB post on PM after students file FIR
বিতৰ্কমূলক ফেচবুক প'ষ্ট

সম্প্ৰতি দিল্লীত অব্যাহত থকা হিংসাৰ পৰিপ্ৰেক্ষিতত অধ্যাপকগৰাকীৰ প্ৰৰোচনামূলক মন্তব্যই সামাজিক অশান্তি সৃষ্টি কৰিব পাৰে ৷ গতিকে অনতিপলমে অধ্যাপকগৰাকীক আটক কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায় মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে ।

বিতৰ্কমূলক ফেচবুক প'ষ্ট : আদালতত হাজিৰ অধ্যাপক সৌৰদীপ সেনগুপ্ত

উল্লেখ্য যে,অধ্যাপকগৰাকীৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ দ্বাৰা ভাৰতীয় দণ্ডবিধি অনুসৰি 295 A,153 A আৰু 507 শীৰ্ষক তিনিটাকৈ ধাৰা লগোৱা হয় । ইফালে,বিতৰ্কিত পোষ্টটো ফেচবুকৰ পৰা আঁতৰাই দিয়া হৈছে আৰু এই সন্দৰ্ভত ক্ষমা বিচাৰি অধ্যাপক গৰাকীয়ে পুনৰ এটা পোষ্ট আপলোড কৰে ৷ "মোৰ পোষ্টটোৱে ধৰ্মীয় আবেগত আঘাত কৰাৰ বাবে মই ক্ষমা প্ৰাৰ্থী ৷ মই সাম্প্ৰদায়িকতাৰ দৰে স্পৰ্শকাতৰ বিষয়ত দায়িত্বহীন মন্তব্য আগবঢ়ালো ৷ এইটো মোৰ ভুল সিদ্ধান্ত আছিল ৷ মোৰ কোনো ধৰ্মীয় বিশ্বাসক অপমান কৰাৰ কোনো ইচ্ছা নাছিল" বুলি অধ্যাপক গৰাকীয়ে পুনৰ এক পোষ্ট ফেচবুকত আপলোড কৰে ৷

Assam Teacher Arretsed for obejctionable FB post on PM after students file FIR
বিতৰ্কমূলক ফেচবুক প'ষ্ট

লগতে চাওকঃ মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত মুহিদ্দিন য়াচ্ছিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.