ETV Bharat / state

চাইনিজ পেন গান আৰু গুলীসহিতে ধৃত এক

author img

By

Published : Mar 4, 2021, 2:11 PM IST

assam police arrested a men with chinese pen gun with 10 bluets
কাছাৰত চাইনিজ পেন গান আৰু সজীৱ গুলিসহ গ্ৰেপ্তাৰ এজন

কাছাৰ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ কাছাৰৰ লক্ষীপুৰত আৰক্ষীয়ে এটা চাইনিজ পেন গান আৰু ১০ জাই সজীৱ গুলীসহ আটক কৰে এজন লোকক l

শিলচৰ,4 মাৰ্চ: কাছাৰ আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ কাছাৰৰ লক্ষীপুৰত আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই এটা চাইনিজ পেন গান আৰু ১০ জাই সজীৱ গুলীসহ আটক কৰে এজন লোকক l আটকাধীন লোকজনৰ নাম নামুগাং কাবু ৷ নামুগাং কাবুৰ ঘৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তর্গত নয়াগ্রাম পুঞ্জিত l

assam police arrested a men with chinese pen gun with 10 bluets
চাইনিজ পেন গান আৰু গুলী উদ্ধাৰ

এক গোপন সূত্ৰৰ পম খেদি অসম ৰাইফলছৰ সহযোগত লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া পার্থপ্রতিম দাসে লক্ষীপুৰ আৰক্ষী থানাৰ অন্তর্গত পয়লাপুল ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা ব্যক্তিজনক আটক কৰে ৷

assam police arrested a men with chinese pen gun with 10 bluets
চাইনিজ পেন গান আৰু গুলী উদ্ধাৰ

আৰক্ষীয়ে লোকজনক তালাচী চলাওতে উদ্ধাৰ হয় চাইনিজ পেন গান আৰু সজীৱ গুলীখিনি l বৰ্তমান আৰক্ষীয়ে লোকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: নাওবৈচাত সমষ্টি ভাগ-বতৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.