ETV Bharat / state

শক্তি বিভাগে লৈ গ’ল একাংশ লোকৰ টিভি ফ্ৰীজ

author img

By

Published : Jul 7, 2021, 8:48 PM IST

বিদ্যুতৰ বিল পৰিষোধ নকৰা গ্ৰাহক বিৰুদ্ধে কঠোৰ হৈছিল শক্তিমন্ত্ৰী বিমল বৰা ৷ বিদ্যু বিল পৰিষোধ নকৰিলেই বিদ্যুত সংযোগ কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বৰাই ৷ বিদুতৰ বিল নাপাই কাছাৰত শক্তি বিভাগে জব্দ কৰিছে গ্ৰাহকৰ ফ্ৰীজ, ফেন,টিভি ৷

APDCL
শক্তি বিভাগে বিদ্যুৎ বিলৰ পৰিৱৰ্তে নিলে গ্ৰাহকৰ টিভি-ফ্ৰীজ

কাছাৰ, 7 জুলাই : ৰাজ্যত ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta biswa sharma)ৰ নেতৃত্বাধীন নতুন চৰকাৰে কাৰ্য‍ভাৰ গ্ৰহণ কৰাৰ পাচতে কেইবাটাও বিভাগ সক্ৰিয় হৈ পৰা দেখা গৈছে । আন আন ক্ষেত্ৰৰ দৰে পিছ পৰি ৰোৱা নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল (APDCL)। ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাৰ (Bimal Bora) প্ৰত্যক্ষ‍ সহযোগত এতিয়া অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি অহা গ্ৰাহকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে এ পি ডি চি এলে (APDCL) । বিভাগটোৱে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাত এচাম অসৎ বিদ্যুৎ গ্ৰাহকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ৷

বিদ্যুতৰ বিল পৰিষোধ নকৰা গ্ৰাহক বিৰুদ্ধে কঠোৰ হৈছিল শক্তিমন্ত্ৰী বিমল বৰা ৷ বিদ্যু বিল পৰিষোধ নকৰিলেই বিদ্যুত সংযোগ কৰ্তন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বৰাই ৷ তাৰপাচতে ৰাজ্যজুৰি সক্ৰিয় হৈ পৰিছিল বিদ্যুৎ বিভাগ ৷ ঘৰে ঘৰে গৈ বিল পৰিষোধ নকৰা গ্ৰাহকৰ বিদ্যুৎ কৰ্তন কৰিছিল বিদুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অসম আৰক্ষীৰ সহযোগত ৷

শক্তি বিভাগে বিদ্যুৎ বিলৰ পৰিৱৰ্তে নিলে গ্ৰাহকৰ টিভি-ফ্ৰীজ

তাৰমাজতে এক আচহুৱা ঘটনা সংঘটিত হৈছে কাছাৰ জিলাত ৷ বিদুতৰ বিল নাপাই কাছাৰত শক্তি বিভাগে জব্দ কৰিছে গ্ৰাহকৰ ফ্ৰীজ, ফেন,টিভি ৷ মঙলবাৰে লক্ষীপুৰ বিধানসভা সমষ্টিৰ লক্ষ্মীপুৰ বিদ্যুৎ উপ-সংমণ্ডলৰ পইলাপুলৰ আৰু জয়পুৰত অভিযান চলায় শক্তি বিভাগৰ এটা দলে ৷ উল্লেখযোগ্য যে, পূৰ্ৱে বিদ্যুতৰ বিল পৰিষোধ নকৰাৰ বাবে বিদ্যু সংযোগ কৰ্তন কৰা কেইগৰাকী মান গ্ৰাহকে পুনৰ বিদ্যুৎ সংযোগ কৰি আহিছিল অবৈধভাবে ৷

সেই সকল গ্ৰাহকৰ ঘৰত পুনৰ মঙলবাৰে অভিযান চলাই শক্তি বিভাগৰ দলে বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ লগতে বিদ্যুতৰ বিল পৰিষোধ নকৰাৰ বাবে ফেন, টিভি, ফ্ৰীজ আদি জব্দ কৰে ৷ শক্তি বিভাগ অভিযান চলোৱা তথা বিদ্যুত বিল পৰিষোধ নকৰাৰ গ্ৰাহক কেইগৰাকী হৈছে বাসন্তী ধুবে, জয় প্ৰকাশ গোৱালা, প্ৰদীপ গোৱালা, শৰৎ সিং, শ্বাম কিশোৰ সিং, ইবেন্তাম্বি সিং, কামিনী সিং ৷ লক্ষীপুৰতো এই অভিযান কালত শক্তি বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থকা দেখা যায় ৷


লগতে পঢ়কঃ কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ৰাজ্যিক Cabinet ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.