NGO ৰ নামত ধন সংগ্ৰহ কৰি সাধাৰণ ৰাইজক ৰাম ঠগন দুই প্ৰৱঞ্চকৰ

author img

By

Published : Sep 17, 2021, 8:50 PM IST

NGO ৰ নামত ধন সংগ্ৰহ কৰি সাধাৰণ ৰাইজক ৰাম ঠগন দুই প্ৰৱঞ্চকৰ

দিনক দিনে ৰাজ্যত অপৰাধ জনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ একাংশ দুষ্ট চক্ৰৰ লোকে বিভিন্ন পন্থা অৱলম্বন কৰি সৰ্বসাধাৰণ ৰাইজক প্ৰতাৰণা কৰি আহিছে ৷ এইবাৰ NGO খুলি সাধাৰণ ৰাইজৰ টকা খোৱাত লাগিছে এটা দুষ্ট চক্ৰ ৷

বঙাইগাঁও, 17 ছেপ্তেম্বৰ : দেশত অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । একাংশ মানুহৰ সহজভাবে ধন ঘটাৰ সহজ পথ হৈ পৰিছে অপৰাধৰ জৰিয়তে । উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত বহু সাধাৰণ ব্যক্তিয়ে কোটি কোটি টকাৰ মালিক হয় । একেদৰে চুৰিৰ পৰা আৰম্ভ কৰি চৰকাৰৰ প্ৰত্যেকটো বিভাগতে অপৰাধৰ সীমা সংখ্যা নোহোৱা হৈছে ।

NGO ৰ নামত ধন সংগ্ৰহ কৰি সাধাৰণ ৰাইজক ৰাম ঠগন দুই প্ৰৱঞ্চকৰ

এই সকলোবোৰৰ মাজতে বঙাইগাঁও জিলাৰ ঘেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিলগাঘৰীত দুই প্ৰতাৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে স্থানীয় ৰাইজে ৷ আৰক্ষীয়ে দুই প্ৰৱঞ্চক জেল হাজোতলৈ প্ৰেৰণ কৰি আকৌ 5 দিনৰ বাবে নিজৰ জিম্মাত লৈছে অধিক তথ্য সংগ্ৰহৰ বাবে ৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল এই দুই প্ৰৱঞ্চকৰ মাষ্টাৰ মাইণ্ডৰ সৈতে গেৰুকাবাৰী নিৰীক্ষণ চকী আৰক্ষীৰ সৈতে গোপন মিতিৰালি থকাৰ বাবে আৰক্ষীয়ে আটক নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা গমেই নাপায় গজেন্দ্ৰ সিং শ্বেখাৱটে

দুই প্ৰতাৰক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে প্ৰৱঞ্চক দুজনক হাজতলৈ প্ৰেৰণ কৰি আকৌ ৫ দিনৰ ৰিমাণ্ডত আনিছে অধিক তথ্য সংগ্ৰহ কৰাৰ বাবে । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল এই প্ৰৱঞ্চক সকলোৰ মাষ্টাৰ মাইণ্ড দিনে নিশাই গেৰুকাবাৰী নিৰীক্ষণ চকীত মিতিৰালি কৰি আছে যদিও তেওঁক আটক কৰা নাই ।

উল্লেখযোগ্য যে, India Thrift & Trading Co-operative Ltd, NGO শিলঘাগৰি, ভাণ্ডাৰা, ছালাবিলা, বাশবাৰী আদি কৰি বহু গাঁৱত ছাৰ্ভে কৰাৰ নামত ৩০-৫০ টকাকৈ সংগ্ৰহ কৰি আহিছে । একেদৰে এই দুই প্ৰৱঞ্চকে শৌচালয়, ৰেচন কাৰ্ড, যুৱতীক বিয়াত এককালীন সাহায্য দিব বুলি ভুৱা প্ৰতিশ্ৰুতি দি অবৈধভাৱে ধন সংগ্ৰহ কৰি আছিল ।

আনকি দৰিদ্ৰ পৰিয়ালক একাংশৰ পৰা বেছি টকা লৈ অধিক সুবিধা দিব বুলি কয় । অঞ্চলটোৰ পৰা ৰকিবুল ইছলাম আৰু মনিৰুল ইছলামে প্ৰায় ৪ লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অনুমান কৰা হৈছে । স্থানীয় ৰাইজৰ অভিযোগ এনজিঅৰ CEO তথা লুটৰাজৰ মাষ্টৰ মাইণ্ড পিংকু পাঠক থানালৈ আহে যদিও আৰক্ষীয়ে গোপন বুজাবুজিৰে এৰি দিয়ে ।

লগতে পঢ়কঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক : মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.