ETV Bharat / state

অসম আৰক্ষীৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি যুৱ কংগ্ৰেছৰ

author img

By

Published : Jul 29, 2021, 11:58 AM IST

Tribute program
অসম আৰক্ষীৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি যুৱ কংগ্ৰেছৰ

বঙাইগাঁও জিলাৰ অভয়াপুৰীত অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানলৈ যুৱ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি ।

বঙাইগাঁও, ২৯জুলাই : শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত (Lailapur) সংঘটিত ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছে । অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলী চালনাৰ ফলত ছয় গৰাকী অসম আৰক্ষীৰ জোৱান শ্বহীদ (martyr) হোৱাৰ ঘটনাই ইতিমধ্যে প্ৰতিবাদৰ জোৱাৰ তুলিছে সমগ্ৰ অসমতে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাধিক দল-সংগঠনে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি প্ৰতিবাদ অব্যাহত ৰাখিছে লগতে শ্বহীদ জোৱান কেইজনৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীতো বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ আৰু অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ যৌথ উদ্যোগত বুধবাৰে ৰাজীৱ ভৱনত সন্ধিয়া বন্তি প্ৰজ্বলনেৰে শ্বহীদ আৰক্ষী জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে যুৱ কংগ্ৰেছে (Youth congress) । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যুৱ কংগ্ৰেছৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন দাবীৰে মৌন প্ৰতিবাদো সাব্যস্ত কৰে । মিজোৰাম চৰকাৰৰ বিৰুদ্ধে এই মৌন প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যুৱ কংগ্ৰেছৰ সদস্যসকলে অসম চৰকাৰক সীমা সমস্যা সমাধানৰ দাবী জনায় ।

অসম আৰক্ষীৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু অসমৰ ভূমি ৰক্ষা কৰাৰ বাবেও যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে অসম চৰকাৰক দাবী জনায় । লগতে অসম আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী জনায় যুৱ কংগ্ৰেছৰ সদস্য সকলে ।

ইফালে দম্ভালি মৰা কথা আৰু ভাষণবাজীৰে চৰকাৰ চলাই থকা বুলিও বিজেপি দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলাম, বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিদুল ইছলামৰ লগতে যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক :অশান্ত সীমান্ত : যোৰহাটত AJYCP ৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.